মাজুলী জিলা যোগী সন্মিলনীৰ শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান 

মাজুলী জিলা যোগী সন্মিলনীৰ শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান 

 ‘শিক্ষাৰ্থীৰ শত্ৰু শিক্ষাৰ্থীসকল নিজেই’—ডঃ দেৱজিৎ শইকীয়া

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  “নিজ কৰ্তব‍্যৰ প্ৰতি বীতশ্ৰদ্ধ শিক্ষাৰ্থীসকলৰ শত্ৰু শিক্ষাৰ্থীসকল নিজেই। গতিকে, নিজকে নিৰাপদ পথেদি লক্ষ‍্যস্থান অভিমুখে লৈ যোৱাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব শিক্ষাৰ্থীয়ে নিজে। বহুক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱকে সকলোখিনি সুবিধা দিয়াৰ পাছতো সময় আৰু সুযোগৰ সদ্ব‍্যৱহাৰ নকৰি শিক্ষাৰ্থীয়ে নিজৰ ভৱিষ‍্যত অন্ধকাৰ কৰি পেলায়।”— এই বক্তব‍্য মাজুলী মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ। আজি মাজুলীৰ সোণাৰীআটী নামঘৰত মাজুলী জিলা যোগী সন্মিলনী, মহিলা সন্মিলনী আৰু নাথ-যোগী যুৱ পৰিষদৰ দ্বাৰা যুটীয়াভাৱে আয়েজিত কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণত অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই এনেদৰে কয়। মহাৰজত জয়ন্তী অতিক্ৰম কৰা সন্মিনলীখনে ২০২৫ বৰ্ষত জিলাখনৰ হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ‍্যমিক, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাসমূহত সুখ‍্যাতি অৰ্জন কৰা স্বজাতিৰ শিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে উৎসাহ যোগাবৰ বাবে সোণাৰীআটী গাঁৱৰ নামঘৰত দিনজোৰাকৈ আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠান উপলক্ষ‍ে পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে গছপুলি ৰোপণ কৰা হয়। পুৱা ৮ বজাত মাজুলী জিলা জাতীয় পুৰোহিত সন্মিলনীৰ উদ‍্যোগত গুৰু বন্দনা পৰিৱেশন কৰাৰ পাছতেই পতাকা উত্তোলন কৰে ক্ৰমে প্ৰভাত নাথ, চিত্ৰলেখা নাথ আৰু প্ৰাঞ্জল বৰাই। ১০ বজাত দিহানাম পৰিৱেশনেৰে এক আধ‍্যাত্মিক ভাবেৰে পৰিৱেশটো মুখৰ কৰি তোলাৰ পাছতেই আৰম্ভ হোৱা অভিনন্দন অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গড়মূৰ পীতাম্বৰদেৱ গোস্বামী মহাবিদ‍্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰী অধ‍্যক্ষ ঘনকান্ত নাথে।

মধ‍্য মাজুলী পাৰিজাত উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অৱসৰী অধ‍্যক্ষ প্ৰভাত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকি বক্তব‍্য আগবঢ়ায় মাজুলীৰ বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু বিজেপিৰ জিলা সভাপতি দীপক গোস্বামীয়ে। জিলা যোগী সন্মিলনীৰ সম্পাদক নগেন নাথে আঁত ধৰা সভাখনত আদৰণী ভাষণ দিয়ে গাঁও উন্নয়ন সমিতিৰ সভাপতি কমল চন্দ্ৰ নাথে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰামসাগৰ নাথ, অমূল‍্য কুমাৰ নাথ, আনন্দ নাথ, লীলাপ্ৰভা নাথ, পোৱাল নাথ, বগাই নাথ, প্ৰফুল্ল বৰুৱা, ৰূপজ‍্যোতি নাথ, আনন্দ নাথ, ডঃ অনুপম কৌশিক বৰা, নীলকান্ত নাথ, গুণধৰ নাথ, মাধৱ নাথ, বগাই নাথ, বেণুধৰ নাথ, উমাৰাম নাথ, গোপাল নাথ, লক্ষীৰাম নাথ, জয়ন্ত কুমাৰ, নীলকান্ত নাথ, গুণকান্ত ভূঞা, ৰাধাকৃষ্ণ নাথ, ৰবীন কুমাৰ নাথ, দেবেশ্বৰ বৰা, সোণাধৰ নাথ, ইন্দিৰাম নাথ, বুধিন বৰা, মণিকান্ত নাথ, নিতুল নাথ,উৎপল নাথ, নগেন নাথ, বলিন নাথ, মনোজ নাথ, সৰ্বানন্দ নাথ, অচ্যুৎ নাথ, অজিত নাথ, শিৱৰাম নাথ, কমল শইকীয়া, কল্পনা দেৱী প্ৰমুখ‍্যে বিশিষ্ট ব‍্যক্তিসকল। ত্ৰিশতাধিক লোক উপস্থিত থকা আজিৰ সভাতে ক্ৰমে ধীৰেন্দ্ৰ নাথ, মোলাৰাম নাথ, সভাৰাম নাথ, ধনীৰাম নাথ, মোহন বৰুৱা, গেলাৰাম নাথ, পুনাৰাম নাথ, ধনীৰাম নাথ, শিৱৰাম নাথ, তিখৰ নাথ আৰু কণজনী নাথ, ধৰ্মপ্ৰাণ বৰা নাথ, আহিনা নাথ, জীৱেশ্বৰ নাথ আৰু আইতি নাথ, থগেশ্বৰ ভূঞা, ৰঙাই নাথ, কণমতি নাথ, লালোৱা নাথ, লোকনাথ নাথ, লহৰচি নাথ বায়ন আদিৰ সোঁৱৰণত প্ৰতিভা সন্ধানী বঁটাসমূহ প্ৰদান কৰা হয়।