ভাৰতৰ কমিউনিষ্ট পাৰ্টি ( মাৰ্ক্সবাদী), অসমৰ স্মৃতিচাৰণ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজোতি সাংস্কৃতিক প্ৰকল্পৰ ছেমিনাৰ হলত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত চি আই টি ইউ, কৃষক মৰ্চা, মধ্যাহ্ন ভোজন, কৰ্মচাৰী ইউনিয়ন, অংগনৱাড়ী কৰ্মী সহায়িকা আদিৰ উপস্থিতিৰ লগতে কেৰেলাৰ প্ৰয়াত মুখ্যমন্ত্ৰী কমৰেড ভি এচ অচ্যুতানন্দৰ আকস্মিক মৃত্যু উপলক্ষ্যে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাৰ প্ৰাকক্ষণত প্ৰয়াত মুখ্যমন্ত্ৰীৰ পবিত্ৰ আত্মাৰ সদগতিৰ অৰ্থে এটি শোক প্ৰস্তাৱ গ্ৰহণ কৰি এক মিনিট সময় মৌনব্ৰত অৱলম্বন কৰে। উক্ত দলৰ জ্যেষ্ঠ কৰ্মী ইছফাকুৰ ৰহমানৰ নেতৃত্বত ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, নয়ন ভূঞা, সংযুক্ত কৃষক মৰ্চাৰ সভাপতি টিকেন দাস, জ্যেষ্ঠ কৰ্মী অজিত দাস , চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, ছিভিল ছচাইটিৰ মছদ্দৰ হুছেইন, মটৰ শ্ৰমিক সন্থাৰ সম্পাদক বীৰেন শৰ্মা, মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভানেত্ৰী কনকলতা দাস ,সদৌ অসম অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস, সম্পাদিকা ইন্ডিৰা নেৱাৰ , মনিকা দেৱী ,নলবাৰীৰ ৰবীন মিশ্ৰ, গোৰেশ্বৰৰ প্ৰবীন দাস, বঙাইগাঁওৰ দিলীপ পাঠক, বৰপেটাৰ ভৱেন দাস, বাক্সাৰ ধৰ্ম ডেকা প্ৰমুখ্যে প্ৰায় ৮০ জন কৰ্মকৰ্তাই সভাত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত বিভিন্ন বক্তাই কমৰেড ভি এচ অচ্যুতানন্দৰ জীৱনৰ কৰ্মৰাজী দক্ষতা সাহসিকতা আৰু অৱদানৰ বিষয়ে আলোকপাত কৰে। লগতে উক্ত দলটিত সংলগ্ন হৈ থকা অংগনৱাড়ী, মধ্যাহ্ন ভোজন, কৃষক মৰ্চা আদি সংগঠন বোৰৰ ২০২৪-২৫ বৰ্ষৰ বছৰেকীয়া হিচাপ নিকাচ বা ক্ষতিয়ান দলৰ মুখ্য কাৰ্যালয়ত জমা দিবলৈ সকলোকে আহ্বান জনায়।