সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত শোকপ্ৰকাশ অসম জাতীয় পৰিষদৰ
বসন্ত ভট্টাচাৰ্যৰ জাতীয় সাংস্কৃতিক চেতনা, চিন্তাৰ গভীৰতা আৰু সৌম্য ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিছিলঃ লুৰীণজ্যোতি গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্বৰ গৱেষক-পণ্ডিত ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বিয়োগ মানে অসমীয়া ভাষা আৰু সাহিত্যৰ এটা গৰিমাময় যুগৰ অৱসান৷ ঐতিহ্যমণ্ডিত নলবাৰী কলেজৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, ভাষাতত্ত্ব আৰু লোক সংস্কৃতিৰ গৱেষকগৰাকীৰ বিয়োগ অসমৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷’’ড° ভট্টাচাৰ্য জীৱন আৰু জগতক আজীৱন প্ৰতিভাত কৰিব বিচৰা এক বৰেণ্য ব্যক্তিত্বৰ অধিকাৰী আছিল বুলি উল্লেখ কৰি সভাপতি গগৈয়ে কয়, ‘‘অধ্যাপক ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ জাতীয় সাংস্কৃতিক চেতনা, চিন্তাৰ গভীৰতা আৰু সৌম্য ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিছিল৷ সাৱলীল বক্তৃতাৰ বাবে অতিকৈ জনপ্ৰিয় আছিল তেখেত৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনকো প্ৰজ্ঞা আৰু সৃজনশীলতাৰে সমৃদ্ধ কৰি যোৱা সাহিত্যিকগৰাকীৰ অনন্য সৃষ্টিৰাজি নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰোৱাৰ লগতে বিদ্যায়তনিক দিশতো গৱেষণাৰ সমল হৈ ৰ’ব৷’’গগৈ আৰু ভূঞাই লগতে কয়, ‘‘আধুনিক নলবাৰীৰ অন্যতম স্ৰষ্টা-দ্ৰষ্টা ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ জীৱনাদৰ্শ ৰুচিশীল সমাজৰ বাবে অনুকৰণীয় দৃষ্টান্ত৷ ভাষা-জননীৰ সাধকগৰাকীলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷ তেখেতৰ পৰিয়ালবৰ্গ, নলবাৰীবাসীৰ লগতে গুণমুগ্ধসকললৈ সমবেদনা জনাইছোঁ৷”