আভাৰ সুবাস – মালিনী শইকীয়া

Pc Freepik

আভাৰ সুবাস

মালিনী শইকীয়া, লখিমপুৰ

ধলফাট দিলে প্ৰকৃতিৰ বুকু
চৰায়ে জুৰিলে গীত
ফেঁহুজালি ফালি ৰঙা দলিছাই
আঁতৰালে আন্ধাৰৰ চিত।
ৰাঙলী আভাৰ গাত পোৰণি
কৃষকৰ কঁপালত হাত
বুঢ়া হ’ল কঠিয়া ওলাল গাঠি
কৃষকৰ হেৰাল ভাত।
কৃপনালি নাই ৰবি দাইটিৰ
জীৱ শ্ৰেষ্ঠৰ মহৎ কাম
গছ বিৰিখ কাটি টকলা কৰাৰ
এয়ে জানো নহয় পৰিণাম?
ৰবি দাইটিৰ একেই ঠিকনা নাই কৃপনালি
পৰ্বত পাহাৰ সমতল সাগৰ
সকলোকে বিলাই জ্যোতি,
কিৰণৰ আভাৰ সুবাসে
বগা দলিছা দিয়ে পাৰি।
কেতিয়াবা কাজিয়া পাতে
ম’লয়া বাৰ লগত
যুঁজি যুঁজি জিকি যায় দাইটি
চাতি ফুটি কৰে তেওঁৰ তাপত।