অনুগল্প
ঘৰিয়াল
শৈলেন কুমাৰ,মিৰ্জা
ৰক্তপিপাসু তেজপিয়াবোৰে পদূলিতে ৰৈ আছে,অৱশিষ্ট তেজখিনিও হুপিবলৈ ৷ ত্যাগ আৰু বলিদান অবিহনে কোনো বিপ্লৱৰ সূচনা নহয় ৷ এৰা, জীৱনটোত মন,শৰীৰৰ মলিয়ন কৰি অভিশপ্ত হৈ থাকিলে জানো কিবা সুফল আছে,শৰীৰৰ একবিন্দু তেজখিনিও সত্য-সতাতৰ বাবে আহুতি দিব লগা হলেও কুণ্ঠাবোধ নকৰোঁ ৷