সিংহ নিচিনা হয়তো হবও পাৰে আনৰ ক্ষমতাৰ ওপৰত কিন্তু বনৰ নহয় চাৰ্কাচৰ
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
বৰ্তমান সময়ত বহু মানুহৰে স্বভাৱ এনেকুৱা ধৰণৰ হোৱা পৰিলক্ষিত হৈছে যে আনৰ পদ,প্ৰতিষ্ঠা, ক্ষমতাবোৰ নিজৰ প্ৰয়োগত লৈ আহি বা নিজৰ জৰিয়তে পদৰ্শন কৰি নিজে এজন সফল ব্যক্তিত্বৰ পৰিচয় দি ঘুৰি ফুৰে । কিন্তু এনে ধৰণৰ কাৰ্যৰ জৰিয়তে পদৰ্শন কৰা ক্ষমতাবোৰ চিৰস্থায়ী নহয়। কাৰণ অন্যান্য মানুহবোৰে আপোনাক বুজিবলৈ ইমানো পলম নকৰিব যে আপুনি সচাকৈ এজন বনৰে ৰজা হয়নে নে মাত্ৰ এজন চাৰ্কাচৰ নমুনা। সেয়েহে নিজকে যদি সমাজ এখনৰ এজন প্ৰভাৱশালী ব্যক্তি ৰূপত পৰিগণিত কৰিবলৈ হলে নিজৰ নিজৰ ব্যক্তিগত ক্ষমতাবোৰ বিকশিত কৰৰ। অন্যথা আপুনি সিংহ নিচিনা হয়তো হবও পাৰে আনৰ ক্ষমতাৰ ওপৰত কিন্তু বনৰ নহয় চাৰ্কাচৰ ।
আচলতে আমি দেখিবলৈ পাই আহিছোঁ বা দেখিবলৈ পাইছোঁ যে চাৰ্কাচৰ ভিতৰত আবদ্ধ হোৱা সিংহ এটাই নিজৰ বনৰ ৰজা হোৱাৰ সকলোবোৰ ক্ষমতা নিজৰ মাজতে অন্তৰ্নিহিত হোৱাৰ পিছতো এক অসাধাৰণ সিংহ এটাও মানুহৰ মনোৰঞ্জন কৰা এক সাধাৰণ জন্ত ৰূপে পৰিগণিত হয়। হয়তো মানুহে সিংহৰ ওচৰ চাপিবলৈ ভয়ভিত হব লাগিছিল কিন্তু চাৰ্কাচত আবদ্ধ হোৱা সিংহই মানুহৰ হাতত লৈ থকা সামান্য এক চাবুকক লৈ ভয় কৰা দেখিবলৈ পোৱা যায়। সেয়েহে আনৰ ক্ষমতাৰ জৰিয়তে নিজকে সিংহ ৰূপে পৰিচয় প্ৰদান কৰি অহা মানুহৰ অবস্থাবোৰ সময় সাপেক্ষে ঠিক চাৰ্কাচত আবদ্ধ হোৱা সিংহৰ দৰে হৈ পৰে। কিছুদিন হয়তো সিংহৰ নিচিনাকৈ গৰ্জন মাৰি নিজকে এক ভয়ানক বনৰ ৰজাৰ দৰে সিদ্ধ কৰিবলৈ অপ্ৰান চেষ্টা অব্যাহত ৰাখিব। কিন্তু কিছুদিন বাগৰি যোৱাৰ পাছত মানুহে তেনেকুৱা ধৰণৰ মানুহবোৰক চাৰ্কাচৰ খেল দেখুৱাই থকা দেখিবলৈ পাব। গতিকে সময় থাকোতেই নিজ নিজ আত্মপ্ৰতিভা বিকাশৰ জৰিয়তে নিজা প্ৰচেষ্টাৰ জৰিয়তে সমাজত এক সুকীয়া আসন দখলৰ বাবে চেষ্টা কৰক। কাৰণ আমাৰ সমাজত আনৰ ক্ষমতাৰ জৰিয়তে নেতাগিৰী কৰি দম্ভালি মাৰি ঘুৰি ফুৰা মানুহৰ অভাৱ নাই।