অসমীয়া আজি কঙাল – আয়শা ছিদ্দিকা

অসমীয়া আজি কঙাল 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

নিজ সত্তা হেৰুৱাই অসমীয়া আজি কঙাল
বাজিছে ঢোল জাতি-ধৰ্মৰ
পিটিছে ডবা সাম্প্ৰদায়িকতাৰ
উচ্ছেদ, সংঘৰ্ষ, বিবাদ
প্ৰতিবাদ, ধৰ্মঘট আৰু যে কত কি
নিজৰ গৌৰৱ নিজৰ সৌষ্ঠব হেৰুৱাই
বলিয়া হৈ তৰ্ক বিতৰ্কত লিপ্ত আজি
নাই তাত নাই কোনো যুক্তি
ভিত্তিহীন তথ্য গোটাই
নিজৰ মাজতে যুদ্ধৰ আহবান
আস্! আমি কি অবলা অসমীয়া
যি অসমীয়াৰ একতাৰ, ভাতৃত্ববোধৰ
মনোৰম বৰ্ননা বিশ্বব্যাপী খ্যাত
আজি সেই অসমীয়াই শব্দৰ অশ্ৰ তুলি
আঘাত কৰাত ব্যস্ত নিজকে নিজে….