উচ্ছেদ,উচ্ছেদিতৰ বিননি আৰু অসমীয়া সত্তা – নাছিৰ আহমেদ

উচ্ছেদ,উচ্ছেদিতৰ বিননি আৰু অসমীয়া সত্তা

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

অসমৰ বিজেপি শাসিত ৰাজ্যিক চৰকাৰে যোৱা চাৰিটা বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি (Government lands,চৰণীয়া পথাৰ (VGR/PGR, Grazing lands)আৰু সংৰক্ষিত বনাঞ্চলৰ ( Forest lands) পৰা বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ কাৰ্য চলাই গৈছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি চৰকাৰী পক্ষ আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত তুমুল বিতৰ্কৰ সৃষ্টি হৈ অসমৰ পৰিবেশ উত্তপ্ত হৈ পৰিছে। চৰকাৰী তথ্য অনুসৰি ২০২১ চনৰ পৰা এতিয়ালৈকে ১.১৯ লাখ বিঘা ভূমিৰ উচ্ছেদ কাৰ্য সম্পন্ন কৰা হৈছে। তাৰ ভিতৰত সংৰক্ষিত বনাঞ্চলৰ  ৮৪, ৭৪৩ বিঘা, চৰণীয়া পথাৰ ৩৬,০০০ হাজাৰ বিঘা, চৰকাৰী ভূমি ২৬,৭১৩ বিঘা আৰু ধৰ্মীয় অনুষ্ঠানৰ ৪,৪৪৯ বিঘা ভূমিৰ পৰা উচ্ছেদ কৰা হৈছে।

উচ্ছেদ কৰা স্থানসমূহ হ’ল ক্ৰমে —

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৩৩২ ঘৰ  পূৰ্ববঙ্গীয় মুছলমানৰ পৰিয়ালৰ গৃহ, দৰং জিলাৰ গৰুখুঁটিৰ পৰা পূৰ্ববঙ্গীয় মূলৰ ২০৫১ পৰিয়ালক উচ্ছেদ কৰা হৈছে।

গুৱাহাটীৰ মাজমজিয়াৰ শিলসাঁকো বিলৰ পৰা উচ্ছেদিত ১২০৩ ঘৰৰ প্ৰায়ভাগ অসমীয়া হিন্দু পৰিয়ালৰ ।

উজনি অসমৰ উত্তৰ লখিমপুৰ জিলাত ২২০ ঘৰ  মিছিং, দেউৰী আৰু টাই আহোম আৰু গৰীয়া মুছলমান সকলৰ  ঘৰ চৰকাৰে পৰিয়ালক উচ্ছেদ কৰিছে।

ছিপাঝাৰৰ পৰা ৪০০ ঘৰৰ বেছিভাগ পূৰ্ববঙ্গীয় মূলৰ মুছলমান আৰু কিছু পৰিমাণে গৰীয়া মুছলমান পৰিয়ালকো উচ্ছেদ কৰিছে।

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ অন্তৰ্গত বান্দৰমাথা বন সংৰক্ষিত অঞ্চলৰ ১১৮ হেক্টৰ মাটি পূৰ্ব বঙ্গীয় মূলৰ মুছলমান বেদখলকাৰীসকলৰ পৰা উদ্ধাৰ কৰা হৈছে। তাৰ ভিতৰত কেইবা ঘৰ দেশী মুছলমানো আছিল।

গোৱালপাৰা জিলাৰ পাইকান  সংৰক্ষিত বনাঞ্চলত সৰ্বমুঠ ১০৪০ বিঘা ভূমি উদ্ধাৰ কৰা হৈছে। তাৰেই বেছিভাগ পূৰ্ব বঙ্গীয় মূলৰ মুছলমানৰ পৰিয়াল আৰু প্ৰায় ৬০ ঘৰ দেশী মুছলমান পৰিয়ালক উচ্ছেদ কৰা হৈছে। গোৱালপাৰা জিলাৰ হাচিলাবিলৰ পৰা  ৪,৯৫ শ হেক্টৰ মাটিৰ পৰা ৬০০ ঘৰ পূৰ্ব বঙ্গীয় মূলৰ মুছলমান পৰিয়ালক উচ্ছেদ কৰিছে ।

ধুবুৰীৰ চাপৰৰ সন্তোষপুৰ, চৰুৱা বাখৰা, চিৰাকুটি,টিলাপাৰা আৰু অন্যান্য গাঁৱৰ পৰা দুই হাজাৰৰো অধিক পূৰ্ব বঙ্গীয় মূলৰ মুছলমান পৰিয়ালক ধুবুৰী জিলা প্ৰশাসনে উচ্ছেদ কৰিছে। তাতেও কেইবা ঘৰ দেশী মুছলমান পৰিয়ালো উচ্ছেদিত হৈছে ।

আৰু নলবাৰী জিলাৰ বৰক্ষেত্ৰী আৰু বাকাৰিকুচিৰ পৰা ৯৩ ঘৰ পূৰ্ব বঙ্গীয় মূলৰ পৰিয়ালক উচ্ছেদ কৰা হৈছে।

ইয়াৰ উপৰিও, হাজাৰ হাজাৰ বিঘা ভূমি কামৰূপ জিলাৰ বৰদুৱাৰ TE (Tea estate)  পলাশবাৰী,  কাৰ্বি আংলঙৰ বৰজান আৰু বাশঁবাৰী উপজিলা, কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা অঞ্চলৰ অসমীয়া খিলঞ্জীয়া জাতি-জনজাতিৰ পৰিয়ালক উচ্ছেদ কৰাৰ বাবে লক্ষ্য স্থিৰ কৰি চেষ্টা চলাই আছে যদিও জনজাতীয় লোকসকলৰ প্ৰবল  প্ৰতিৰোধৰ বাবে এতিয়াও চৰকাৰে সেও মানি আছে।

তথাপি , তাৰ মাজতে,কাৰ্বি আংলং জিলাৰ পৰা ২০,০০০ হাজাৰ ঘৰ আদিবাসী , কাৰ্বি আৰু নগা পৰিয়ালক ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু ডিমা হাছাও জিলাৰ পৰা ৯০০০ হাজাৰ বিঘা উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈ আদিবাসীৰ পৰা ৪৫ বিঘা, আৰু গোলাঘাট জিলাৰ পৰা ৭৫ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে।

আৰু অতি শীঘ্ৰে অসম চৰকাৰে নগাঁৱৰ ধিং আদি অঞ্চলৰ পৰা পূৰ্ব বঙ্গীয় মূলৰ মুছলমানসকলে সৰু পথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়াম ঘাটৰ  এক ব্যাপক অঞ্চলত মূল্যৱান গছ-বন কাটি তহিলং কৰি তামোলৰ খেতি কৰা ঠাইখিনিত উচ্ছেদ চলাবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈছে। তৎসত্ত্বেও এতিয়ালৈকে চৰকাৰে উচ্ছেদ কৰা  ৪৯ হাজাৰ বিঘা মাটিৰ  ভিতৰত মাত্ৰ ৬০০০ বিঘা মাটি মূলতঃ পূৰ্ব বঙ্গীয় মূলৰ মুছলমানৰ  অধীনত আৰু মাত্ৰ ২০০ ঘৰ খিলঞ্জীয়া মুছলমানে সামান্যতম ভূমি বেদখল কৰি আছিল।

মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বৃহত্তৰ বেদখল ভূমি উচ্ছেদ কৰাৰ সময়ত পূৰ্ববঙ্গীয় মূলৰ মুছলমান বেদখলকাৰীসকলৰ গাত সন্দেহযুক্ত  বাংলাদেশীৰ লেবেল লগাই দিছিল যদিও সেয়া পৰৱৰ্তী বেবেৰিবাং হ’ল ; কাৰণ, অসম তথা ভাৰত চৰকাৰে তেওঁলোকৰ মাজৰ পৰা এজনো বাংলাদেশী চিহ্নিত কৰি বহিষ্কাৰ কৰিব পৰা নাই ; বৰঞ্চ চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উচ্ছেদ কৰা ৩৩২ ঘৰ পৰিয়ালক ১৪.৭২ কোটি ক্ষতিপূৰণ দিছে আৰু গৰুখুঁটিৰ পৰা উচ্ছেদিত ২,০৫১ঘৰ পৰিয়ালৰ  ১,৫৮৩ টা পৰিয়ালক দলগাঁওত সংস্থাপনৰ বাবে ভূমি আৱন্টন দি সংস্থাপিত কৰিছে। হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ ন-খুঁটিৰ পৰা উচ্ছেদ কৰা ৭০৭ ঘৰ পৰিয়ালৰ ২০৬ টা পৰিয়ালক নখুঁটি জাঞ্জু বস্তিত ইতিমধ্যে সংস্থাপিত কৰাৰ বিপৰীতে বাকী ৫০১ ঘৰৰ প্ৰতিটো পৰিয়ালক যমুনা কৃষিপাম নিগমত মাটি আৱন্টন দিয়া হৈছে। বটদ্ৰৱাত উচ্ছেদিত ৩৬৬ ঘৰ পৰিয়ালৰ ৭ ঘৰ পৰিয়ালক সৰ্বমুঠ ৩২.০৫ লাখ ক্ষতিপূৰণ আৰু বাকী পৰিয়ালকো ক্ষতিপূৰণ দিয়া হৈছে আৰু চাপৰৰ উচ্ছেদিত পৰিয়ালক ৫০ হাজাৰ টকা ক্ষতিপূৰণ আৰু চৰাঞ্চলত সংস্থাপিত  কৰিব বিচৰাই বাৰু কি সূচায়?

বিজেপি শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে মহামান্য দিল্লীৰ উচ্চতম ন্যায়ালয় আৰু গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি খুবেই কম সময়ৰ ভিতৰতেই জাননী জাৰী কৰি বুলডজাৰেৰে উচ্ছেদিত পৰিয়ালৰ ঘৰ-বাৰী, সা-সম্পত্তি অতি নিৰ্মম ভাৱে ধ্বংস কৰাৰ ফলত এনিশাৰ ভিতৰত গৃহহাৰা হৈ তেওঁলোকৰ মাজত কান্দোনৰ ৰোল উঠিছে। উচ্ছেদিত মানুহৰ বিলাপ-বিননিত অসমৰ আকাশ-বতাহ শোকস্তব্দ হৈ পৰিছে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই গোৱা ” মানুহে মানুহৰ বাবে, যদি অকণো নাভাবে” এতিয়া অৰ্থহীন হৈ পৰিছে। এই উচ্ছেদিত পৰিয়ালসকলে এতিয়া দুখ-দুৰ্দশাৰ মাজেৰে জীৱন পাত কৰি আছে ; ইতিমধ্যে শোক সহ্য কৰিব নোৱাৰি দুই এজনে মৃত্যু মুখত পৰিছে, এজনে আত্মহত্যাৰ অপচেষ্টা পৰ্যন্ত চলাইছিল।সকলো ৰাজনৈতিক দলৰ নেতাসকলে এই অসহায় লোক সকলৰ দুৰ্দশা দেখি কেৱল ঘঁৰিয়ালৰ চকু পানী টুকিছে। তেওঁলোকে অস্থায়ী ভাৱে বাস কৰা প্লাষ্টিকৰ তম্বুকো অসম চৰকাৰৰ পুলিচ প্ৰশাসনে চিঙি পেলাই তেওঁলোকক বাৰে বাৰে আঁতৰি যাবলৈ কঢ়া নিৰ্দেশ দিয়াৰ বাবে তেওঁলোকে উত্তেজিত হৈ পুলিচ প্ৰশাসনৰ লগত খণ্ডযুদ্ধত অৱতীৰ্ণ হোৱাৰ ফলত পাইকানত পুলিচৰ গুলিত দুজন কম বয়সৰ যুৱকে প্ৰাণ হেৰুৱায় আৰু অসংখ্য জনে আহত হৈ মৃত্যুৰে যুঁজি আছে।

অথচ, তাকে নকৰি অসম  চৰকাৰে গোটেই অসমত কিমান বিঘা  চৰকাৰী ভূমি বা খাচ মাটি, চৰণীয়া পথাৰ, জলাশয়, সংৰক্ষিত বনাঞ্চল আদি বেদখল হৈ আছে, তাৰ এটি জৰীপ কৰি ১৯৭১ চনৰ আগৰ পৰা অসমত বসতি কৰা স্থায়ী বাসিন্দা সকলে নদীৰ গৰা-খহনীয়া, প্ৰাকৃতিক দুৰ্যোগ বা বিভিন্ন কাৰণত  গৃহহীন হৈ এইবোৰ সংৰক্ষিত ভূমিত অবৈধ ভাৱে বসবাস কৰি থকা পৰিয়ালসমূহক চিহ্নিত কৰি তেওঁলোকে গৃহহীন হোৱা নিজৰ জিলাত মানৱতাৰ খাতিৰত বা ৰাজ্যিক চৰকাৰৰ দায়িত্ব হিচাপে লৈ পুনৰ্বাসন দিব লাগিছিল। আৰু যিবিলাক পৰিয়ালে স্থায়ী সা-সম্পত্তি থকা সত্ত্বেও কোনো চৰকাৰী ভূমি বা সংৰক্ষিত ভূমি বে-দখল কৰি আছে, তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰি কোনো ক্ষতিপূৰণ নিদিয়াকৈ আগতিয়াকৈ উচ্ছেদ কৰিলে এইবোৰ সমস্যাৰ উদ্ভৱ নহলহেঁতেন।

এতিয়া কথা হ’ল যে, অসমৰ ৰাজ্যিক চৰকাৰে দাবী কৰা মতে, সন্দেহযুক্ত অবৈধ বাংলাদেশীক চৰকাৰী ভূমি, চৰণীয়া পথাৰ, জলাশয় আৰু  সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ ভাৱে দখল কৰা দখলদাৰীসকলক উচ্ছেদ কৰি বেদখলমুক্ত ভূমিসমূহ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক প্ৰদান কৰি অসমীয়াৰ সত্তা বা অস্তিত্বক ৰক্ষা কৰিব বুলি চিঞৰি থকা অসম চৰকাৰে নিশ্চয়তা দিব পাৰিব বুলি মনে নধৰে। বৰঞ্চ এডভান্টেজ অসম ১.০ (Advantage Assam 1.0 আৰু এডভান্টেজ অসম ২.০( Advantage Assam 2.0 ৰ অভিলাষী আঁচনিৰ জৰিয়তে অসম চৰকাৰে দেশী বা বিদেশী  পুঁজিপতি কৰ্পৰেট গোষ্ঠীক যেনে ৰামদেৱৰ পটঞ্জলি গ্ৰুপ, আদানি, আম্বানি, বেদান্ত,ইছাৰ আদিক এই লাখ লাখ উচ্ছেদিত ভূমি দান কৰি বৃহৎ বৃহৎ শিল্প-প্ৰতিষ্ঠান গঢ়ি তোলাৰ লক্ষ্যৰে এই উচ্ছেদ কাৰ্য চলি আছে যেন অনুভৱ হৈছে । কাৰণ, ডিমা হাছাও জিলাৰ উমৰাংছত থকা ৯০০০ হাজাৰ বিঘা প্ৰস্তাৱিত উচ্ছেদিত মাটিত আদানীয়ে বছৰি ৪০ লাখ টন উৎপাদনক্ষম এচিয়াৰ সৰ্ব বৃহৎ চিমেণ্ট ফেক্টৰী স্থাপনৰ লক্ষ্য , পলাশবাৰী-বৰদুৱাৰত চেটেলাইট টাউনশ্বিপ গঢ়ি তোলাৰ বাবে ১৫০০ একৰ মাটি খালী কৰিবলৈ উচ্ছেদ চলাৰ প্ৰস্তাৱ, পলাশবাৰী -ৰামপুৰৰ দৰাবিলৰ ৫০ একৰ মাটিত লজিষ্টিক পাৰ্ক বনাবৰ বাবে মাটি অধিগ্ৰহণ কৰিব বিচৰা আৰু গোলাঘাটৰ ফলঙণি বীজ পামখন ( ২৫ একৰ মাটি) পটঞ্জলি গ্ৰুপক পাম খেতি কৰিবলৈ দিব বিচৰা হৈছে। কামৰূপৰ অসম-মেঘালয় সীমান্তবৰ্তী উকিয়ামত কুলসী নদীৰ ওপৰত ৫৫ মেগাৱাট ক্ষমতাৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ২৬ খন গাঁও উচ্ছেদৰ পৰিকল্পনাও হাতত লোৱা হৈছে।

শেহতীয়াকৈ চাপৰত উচ্ছেদ কৰা ঠাইতে আদানি গ্ৰুপে ৩৪০০ মেগাৱাট ক্ষমতাসম্পন্ন তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছে। একেদৰে গোৱালপাৰা জিলাৰ পাইকানৰ ওচৰৰ উচ্ছেদিত ঠাইত আদানি গ্ৰুপে ৰে’লৰ ডবা নিৰ্মাণৰ কাৰখানা স্থাপনৰ প্ৰস্তাৱ গৃহীত হৈছে। কাৰ্বি আংলং জিলাৰ লংকা পথাৰত ১০০০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি নিৰ্মাণ কৰাৰ বাবে ২৪ খন কাৰ্বি গাঁও উচ্ছেদৰ পৰিকল্পনা কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ আমেটেৰেঙত ৭,১৮৪ . ৭ একৰ পি জি আৰ আৰু ভি জি আৰ মাটিৰ পৰা ২০৮৬ কাৰ্বি আৰু খাচী পৰিয়ালক উচ্ছেদ কৰি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে বিহাৰ মূলীয় ‘ ৰচনাত্মক ননিয়া সংযুক্ত সংঘ ‘ নামৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক আবণ্টন দিবলৈ পৰিকল্পনা হাতত লৈছে।

চৰকাৰী তথ্য মতেই অহা বিশ বছৰৰ ভিতৰত কেইবা লক্ষ ভূমি উচ্ছেদ কৰিব লগীয়া আছে ; কাৰণ ইতিমধ্যে আৱিষ্কৃত হোৱা ধুবুৰী জিলাৰ চান্দৰডিঙাত ১৮.২৯ মিলিয়ন টন লোৰ আকৰ ( Iron ore), ডিমা হাছাও জিলাত ১৫০০ মিলিয়ন টন চূণশিল( Limestone), কাৰ্বি আংলং জিলাত ২৮ মিলিয়ন টন ছাইনাইট পাথৰ ( Syenite) আৰু নগাঁওত ৪ মিলিয়ন টন ছিলিকা বালিৰ ( Silica sand) ওপৰত কৰ্প’ৰেট গোষ্ঠীৰ শেন চকু পৰিছে। তাৰ কাৰণেও  ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ লাখ লাখ জনজাতীয় লোকসকলৰ, নগাঁৱৰ পূৰ্ব বঙ্গীয় মূলৰ মুছলমান সকলৰ আৰু  ধুবুৰীৰ দেশী মুছলমান অধ্যুষিত আলমগঞ্জত থকা সংৰক্ষিত ভূমি তথা পট্টাৰ মাটিত উচ্ছেদিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

গতিকে, বৰ্তমান বিজেপি শাসিত ৰাজ্যিক চৰকাৰে  এহাতে অসমীয়াৰ জাতি-মাটি-ভেটি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি আছে , আনহাতে অসমীয়া সত্তাক জলাঞ্জলি দি দেশী বা বিদেশী পুঁজিপতি কৰ্পৰেট গোষ্ঠীক অসমৰ লাখ লাখ উচ্ছেদিত ভূমি বন্টন দি বৃহৎ বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি তোলাৰ মহৎ উদ্দেশ্য সাৰোগত কৰিবলৈ অসম চৰকাৰে সিহঁতক বৰ পীৰা পাৰি দি আছে।