বৰষুণ ভাল পাওঁ  –  ৰূপালী গগৈ চুতীয়া

বৰষুণ ভাল পাওঁ 

 ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়

চিপচিপীয়া বৰষুণত
তিতাৰে পৰাই
তোমাক ভাল পোৱা
দুৰু দুৰু বুকুখন কঁপে
আজিও জানা,
কিয় বাৰে বাৰে মনলৈ আহি
অজানিতে আমনি কৰা ?
মোৰ পদূলিৰ জপনা
মাথোঁ তোমালৈ খোলা
মন দাপোনত ছবি আঁকি
ঢৌ তোলা চুলিৰ আঁৰত
কিয় বাৰে বাৰে
জোনাকৰ সলনি
অমাৱস্যাৰ আন্ধাৰ হিচাপ কৰি
নিজৰ মনক দুখ দিয়া ?
চিপচিপীয়া বৰষুণৰ আঁৰত
আজিও আছে তোমাৰ মোৰ
ভাল পোৱা ।
বৰষুণ ভাল পাওঁ
সেয়ে জুমি জুমি চাওঁ
কিয় কেতিয়াও নুসুধিবা…
তোমাক ভাল পোৱাৰ দৰেই
নাথাকে কোনো অজুহাত
মাথোঁ অপেক্ষা
বহু দিনৰ পৰা ।
আজীৱন সুখী হোৱা
নেপথ্যত আছোঁ
সপোন নাই নিজৰ কৰাৰ
আক্ষেপও  নাই
অভিমান আছে বুকু যোৰাই
চকুত আছে এটি মৰম লগা
বৰফৰ টুকুৰা
কোনেও দেখি নোপোৱা
দেখি নোপোৱা ।৷