বৰপেটা জিলাৰ অন্তৰ্গত পিছ পৰা ৰাধাকুছি অঞ্চলৰ ডক্টৰেট ডিগ্ৰী সন্মান লাভ কৰা ডক্টৰেট আবুল হোছেইনৰ সংক্ষিপ্ত জীৱন কাহিনী
সবিতা বেগম
পাকাবেত বাৰী পাম, বৰপেটা
ড০ আবুল হুছেইনঃ জ্ঞান সাধনা, সাহিত্য আৰু সংস্কৃতিৰ এক সুমধুৰ আলোকযাত্ৰাঃ অসমীয়া গৱেষণা, সাহিত্য আৰু সমাজ চিন্তাৰ জগতত যিসকল ব্যক্তি নিজৰ তীক্ষ্ণ দৃষ্টিভংগী, অধ্যয়ন-পৰায়ণতা আৰু সমাজসচেতন মনোভাৱেৰে এক উজ্জ্বল স্থান লাভ কৰিবলৈ সক্ষম হৈছে, ড০ আবুল হুছেইন তেওঁলোকৰ ভিতৰত অন্যতম। তেওঁৰ জীৱন এক সাধনাৰ জয়যাত্ৰা, একাগ্ৰতা আৰু অধ্যৱসায়ৰ উৎকৃষ্ট নিদৰ্শন। আঞ্চলিকৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰলৈ গৱেষণাৰ দিশে তেওঁ যি বাট মুকলি কৰিছে, তাক অসমীয়াৰ জ্ঞান-সংস্কৃতিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক গৌৰৱৰ দিশ বুলি ক’ব পাৰি। আঞ্চলিক ভাৱনাৰ সীমা পাৰ কৰি তেওঁ ভাৰতীয় উপমহাদেশৰ সাংস্কৃতিক সমন্বয় চিন্তাক সুগভীৰভাৱে উন্মোচিত কৰিছে। গৱেষক, শিক্ষক, সমাজচিন্তক, আৰু সময়সচেতন সাহিত্যিক ৰূপে তেওঁ গঢ়ি তুলিছে এক সুদীর্ঘ পথ—য’ত অধ্যবসায়, নৈতিক নিষ্ঠা, ৰসসিদ্ধ ভাষাভঙ্গী আৰু মানবিক মহত্ব মিশ্ৰিত। তলত তেওঁৰ জন্ম, শিক্ষা, কৰ্মজীৱন, গৱেষণা আৰু সাহিত্যিক অৱদানৰ এক সুবিস্তৃত আখ্যান উপস্থাপন কৰা হৈছে।
জন্ম আৰু শৈশৱঃ ড০ আবুল হুছেইনৰ জন্ম ১৯৮৪ চনৰ ১ অক্টোবৰত বৰপেটা জিলাৰ ৰাধাকুছি নামৰ এটি প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ গাঁওখনত হয়। পিতৃ ওমৰ আলী আৰু মাতৃ আলেকজান নেছাৰ স্নেহ-পৰিচৰ্য্যাৰ মাজত তেওঁ শৈশৱৰ দিনবোৰ অতিবাহিত কৰে। এটি সাধাৰণ কৃষিজীৱী পৰিয়ালত জন্ম গ্ৰহণ কৰা ড০ হুছেইনৰ শৈশৱৰ পৰাই জ্ঞান পিপাসা, অধ্যয়নৰ আগ্ৰহ আৰু বৌদ্ধিক জিজ্ঞাসা দেখা গৈছিল। শৈশৱৰ পৰাই মানুহৰ মাজত, গাঁওখনৰ জনজীৱনৰ লগত, সংস্কৃতি আৰু ধৰ্মৰ লগত ওতপ্ৰোতভাৱে জড়িত ড০ হুছেইনে জীৱনৰ সকলো পৰ্যায়ত সমাজ আৰু সংস্কৃতিৰ সৈতে নিজক সম্পৃক্ত কৰি ৰাখিছে। এই মাটিৰ সংস্পৰ্শে তেওঁক গঢ়ি তোলে এক সত্য অনুসন্ধানী আৰু চিন্তাশীল গৱেষকৰূপে।
শিক্ষা-জীৱনৰ আৰম্ভণিঃ শিক্ষা যাত্ৰাৰ প্ৰথম পৃষ্ঠাখন খুলি তেওঁ ২ নং ৰাধাকুছি প্ৰাথমিক বিদ্যালয় আৰু ছিকাৰভিঠা এম.ই স্কুলৰ বেঞ্চত বহি কলম ধৰে। তাৰপিছত খৰুৱাপাৰা হাই স্কুলৰ পৰা HSLC, ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা HS, আৰু মধ্য কামৰূপ মহাবিদ্যালয়ৰ পৰা BA ডিগ্ৰী লাভ কৰে। সাহিত্য আৰু সংস্কৃতি অধ্যয়নৰ প্ৰতি থকা আগ্ৰহে তেওঁক স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিবলৈ উদ্বুদ্ধ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত MA ডিগ্ৰী লাভ কৰে।
গৱেষণাৰ আদি সফলতা—M.Phil ডিগ্ৰী লাভঃ আনুষ্ঠানিক শিক্ষাৰ পাছত তেওঁ নিজৰ গৱেষণা প্ৰবৃত্তিক অধিক প্ৰগাঢ় কৰি তোলে। ২০২০ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত “আজান ফকীৰৰ জিকিৰত চুফী দৰ্শনঃ এটি আধ্যয়ন” শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে M.Phil ডিগ্ৰী লাভ কৰে। এই গৱেষণাৰ জৰিয়তে তেওঁ অসমৰ ধৰ্মীয় সম্প্ৰীতি, সুফী চিন্তাধাৰা আৰু লোকসাহিত্যৰ এক গভীৰ অধ্যয়ন আগবঢ়াই।
গৱেষণাৰ চূড়ান্ত অন্বেষণ Ph.D ডিগ্ৰী লাভঃ শংকৰদেৱ আৰু আজান ফকীৰৰ সংগীত সমন্বয়ে সাম্প্ৰদায়িক সম্প্রীতিৰ পদক্ষেপ তেওঁৰ গৱেষণাৰ চূড়ান্ত অন্বেষণ পি.এইচ.ডি.ৰ মাধ্যমে সম্পন্ন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০২৫ চনত “শংকৰদেৱৰ বৰগীত আৰু আজান ফকীৰৰ জিকিৰঃ এটি বিশ্লেষণাত্মক অধ্যয়ন” শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে Ph.D ডিগ্ৰী লাভ কৰে। এই গৱেষণাই অসমীয়া সাহিত্য আৰু ধৰ্ম-সাংস্কৃতিক ক্ষেত্ৰত তুলনামূলক অধ্যয়ন চিন্তাক এক নতুন দিশ প্ৰদান কৰে। এই গৱেষণাৰ জৰিয়তে তেওঁ শংকৰদেৱৰ বৰগীত আৰু আজান ফকীৰৰ জিকিৰ গীতক সাহিত্যিকভাৱে তুলনা কৰি দেখুৱাইছে—ধৰ্ম ভিন্ন হ’লেও ঈশ্বৰৰ সৈতে মানুহৰ সংলগ্নতাত একেই সংগীত, একেই শব্দ আৰু একেই ভক্তিৰ সুৰ। এই গৱেষণাই অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ ইতিহাসক নতুন দৃষ্টিভংগিৰে চাবলৈ বাধ্য কৰিছে। বৰগীত আৰু জিকিৰ শব্দৰ সৌন্দর্য, ধ্বনিত উজৰি পৰা আত্মিক অনুৰণন, আৰু ভক্তিৰ ধাৰাত গঢ়ি উঠা সাহিত্যিক দ্যোতনা তেওঁ তীক্ষ্ণ বিশ্লেষণৰে প্ৰকাশ কৰিছে।
ব্যতিক্ৰমী শিক্ষাগ্ৰহণ আৰু বহুমুখী ডিগ্ৰীঃ গৱেষণাৰ লগতে শিক্ষাৰ বিভিন্ন শাখাত তেওঁ নিজৰ বুদ্ধিমত্তা আৰু কৌতূহলৰ উজ্জ্বল প্ৰমাণ দি গৈছে। তেওঁ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ পৰা D.El.Ed এ পঠন পাঠনত শিশুমনোবিদ্যা, শিক্ষাদৰ্শন আৰু পাঠ্যকৌশলৰ আধুনিক দিশৰ চাপ দিলে, নেতাজী সুভাষ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা B.Ed এ পাঠ মূল্যায়ন, পাঠ পৰিকল্পনা আৰু মল্টিমিডিয়া শিক্ষা শৈলীৰে পথ দেখালে; আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা LLB ডিগ্ৰীয়ে বৌদ্ধিক সম্পত্তি, বৈধতা অধিকাৰ, চুক্তি আইনেৰে তেওঁৰ সমাজবোধ অধিক সূক্ষ্ম কৰিলে। শিক্ষাদান, আইনী জ্ঞান আৰু শৈক্ষিক মনোবিজ্ঞান—এই তিনিটা খণ্ডৰ সমন্বয়ে তেওঁ শিক্ষা জগতত নিজৰ এক নৱ দৃষ্টান্ত স্থাপন কৰিছে।
শিক্ষকতা জীৱনৰ মহৎ অধ্যায়ঃ ড০ হুছেইনে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে ২০০৫ চনত অসম সৰ্বশিক্ষা অভিযান মিছনত শিক্ষা কৰ্মী হিচাপে। তেতিয়াৰ পৰাই তেখেত শিক্ষাক সমাজ সংস্কাৰৰ এটা গুৰুত্বপূর্ণ মাধ্যম বুলি বিশ্বাস কৰি আগবাঢ়িছে। বৰ্তমান তেওঁ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত। কাষৰীয়া অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ পৰা কেৱল পাঠ্যপুথিৰ শিক্ষা নহয়, জীৱনদৰ্শন, মানৱীয় গুণ আৰু অনুপ্ৰেৰণা লাভ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্যিক, সাংস্কৃতিক আৰু গৱেষণামূলক মনোভাৱ গঢ়ি তুলিবলৈ সদায় সচেষ্ট। পুথিগত শিক্ষাৰ বাহিৰে তেওঁ বহুক্ষেত্ৰত তেওঁলোকক দেশজ লোকজ্ঞান, নৈতিকতা আৰু সামাজিক দায়িত্বৰ পাঠ দিয়ে।
ব্যক্তিগত জীৱনঃ ২০২০ চনত ড০ হুছেইনে ফাতেমা বেগমৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়। বিবাহৰ পাছৰে পৰা তেওঁৰ জীৱনৰ চিন্তাধাৰাতো অধিক সংযত আৰু সুশৃঙ্খল ৰূপে বিকাশ লাভ কৰিছে। পৰিয়ালৰ পৰা পোৱা সমৰ্থন আৰু ভালপোৱাই তেওঁক গৱেষণা আৰু সাহিত্যক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সহায় কৰিছে।
গৱেষণামূলক আৰু সাহিত্যিক কৰ্মঃ ড০ হুছেইনৰ গৱেষণাৰ ক্ষেত্ৰত চর্চিত বিষয়বস্তুসমূহ বহুল আৰু গভীৰ। বিশেষকৈ অসমীয়াৰ ধৰ্ম-সাংস্কৃতিক পৰিপ্ৰেক্ষিত, চুফী আৰু ভক্তি আন্দোলন, লোকসংস্কৃতি আৰু সাহিত্যৰ বিভিন্ন দিশ তেওঁ গভীৰ মনোযোগেৰে অধ্যয়ন কৰিছে।
(১) অসমীয়া ভাষাত লিখা উল্লেখযোগ্য গৱেষণা প্ৰবন্ধসমূহঃ
1. ‘অসমৰ মুছলমান সম্প্ৰদায়ৰ সাহিত্য আৰু সংস্কৃতি’ (২০১৭): এই প্ৰবন্ধত তেওঁ অসমৰ মুছলমান সমাজৰ সাহিত্য-সংস্কৃতিক বিকাশ, ইতিহাসৰ দিশসমূহ উদঘাটন কৰিছে।
2. ‘লোকসংস্কৃতি আৰু প্ৰকৃতি’ (২০১৮): অসমীয়াৰ লোকজীৱনৰ লগত জড়িত প্ৰাকৃতিক উপাদানসমূহৰ সাংস্কৃতিক প্ৰতিফলনৰ বিষয়ে এটি আলোচনা কৰিছে।
3. ‘তিৱা জনগোষ্ঠীৰ জোনবিল মেলা উৎসৱঃ পৰম্পৰা আৰু পৰিৱৰ্তন’ (২০১৯): এই লেখাত তিৱা জনগোষ্ঠীৰ ঐতিহ্যবাহী উৎসৱজীৱন আৰু তাৰ আধুনিকতাৰ দ্বন্দ্বলৈ দৃষ্টিপাত কৰা হৈছে।
4. ‘চুফী সাধক হিচাপে আজান ফকীৰ আৰু তেওঁৰ জীৱন দৰ্শন’ (২০১৯): আজান ফকীৰৰ দৰ্শনিক চিন্তাধাৰা আৰু অসমীয়া সমাজত তেওঁৰ সাধনাৰ প্ৰভাৱ সম্পৰ্কে বিশ্লেষণ কৰিছে।
5. ‘অসমীয়া সাহিত্যলৈ আজান ফকীৰৰ অৱদান’ (২০২০): আজান ফকীৰৰ সাহিত্যিক দিশক পৰ্যালোচনা কৰি তেওঁক অসমীয়া সাহিত্যৰ মূল স্ৰোতত স্থান দিয়াৰ প্ৰচেষ্টা কৰিছে।
6. ‘কয়াকুছি অঞ্চলৰ লোকসংস্কৃতি আৰু বাঁহ-বেতৰ হস্তশিল্প’ (২০২৪): অঞ্চলিক শিল্পৰ সামূহিক বিকাশ আৰু সাংস্কৃতিক প্ৰতিচ্ছবি আগবঢ়োৱা এক গুৰুত্বপূর্ণ গৱেষণামূলক প্ৰবন্ধ।
(২) ইংৰাজী ভাষাত লিখা উল্লেখযোগ্য গৱেষণা প্ৰবন্ধসমূহঃ
1. Reflection of Assamese Culture in Ajan Fakir’s Jikir (2019)
2. Influence of Translation on Literature (2019)
3. Introduction and Effect of Globalization: Bihu the State Festival of Assam (2020)
4. Contribution of Nabakanta Baruah to Assamese Children Literature (2021)
5. Lakshminath Bezbaruah and his contribution to Assamese Literature (2021)
6. Intellectual Property Rights (2021)
7. The Contribution of Nabakanta Barua’s Novel “Kapilipariya Sadhu” in the field of Assamese Literature: An Analytical Study (2021)
8. Sankardeva’s Bargeet (2021)
9. Vaishnava Bhakti and Islamic Movement of Assam (2021)
10. Social and Emotional Development of Children (2021)
11. Contribution of Mahapurush Srimanta Sankardeva to Assamese Literature and Culture (2021)
12. Development of Assamese Literature (2021)
এই সকলোবোৰ গৱেষণা-প্ৰবন্ধত ড০ হুছেইনে অসমীয়া সাহিত্যৰ বিকাশ, অনুবাদ সাহিত্যৰ ভূমিকা, সাহিত্যিক ব্যক্তিত্বসকলৰ অৱদান, আৰু অসমীয়াৰ ধাৰ্মিক-সাংস্কৃতিক ভৱিষ্যৎ সন্দৰ্ভত এক গভীৰ চিন্তাধাৰা আগবঢ়াইছে।
সামগ্ৰিক মূল্যায়নঃ ড০ আবুল হুছেইন হৈছে এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকারী চিন্তাশীল বৌদ্ধিক ব্যক্তিত্ব, যিজনে সাহিত্য, গৱেষণা আৰু সমাজসেৱাৰ জগতত এক যুগান্তকাৰী স্থান দখল কৰিছে। তেওঁৰ সাহিত্য সাধনা কেৱল একাডেমিক ক্ষেত্ৰত সীমাবদ্ধ নহয়, ই এক বৃহৎ সামাজিক দায়িত্বৰ ৰূপত পৰিগণিত। অসমৰ ধৰ্মীয় সম্প্ৰীতি, সাহিত্যিক ঐতিহ্য আৰু লোকসংস্কৃতিক বিকাশৰ ক্ষেত্ৰত তেওঁ যি দিশ দেখুৱাইছে, তাক আধুনিক অসমীয়াৰ গৌৰৱৰ পৰিসৰ হিচাপে গণ্য কৰিব পাৰি।
উপসংহাৰঃ ড০ আবুল হুছেইনৰ জীৱন আৰু কৰ্ম এক দীপ্তিময় দৃষ্টান্ত। গাঁৱৰ পৰা গৱেষণা আৰু সাহিত্যৰ জগতলৈ তেওঁৰ যাত্ৰা, এক মননশীল, সমাজ-সচেতন আৰু বৌদ্ধিক চিন্তাৰ বিজয়গাথা। ভবিষ্যৎ প্ৰজন্মৰ বাবে তেওঁক মাথোঁ এজন শিক্ষক বা গৱেষক হিচাপে নহয়, বৰং এটি আদৰ্শ, এটি অনুপ্ৰেৰণাৰ উৎস ৰূপে চাব লাগিব। তেওঁৰ সাধনাই অসমীয়া সাহিত্য, গৱেষণা আৰু সমাজক আগুৱাই নিয়াৰ বাট দেখুৱাব বুলি দৃঢ় বিশ্বাস।