মৃত্যু – সবিতা বেগম

অণুগল্প

মৃত্যু

সবিতা বেগম
পাকাবেত বাৰী পাম,বৰপেটা

স্বামীৰ মৃত্যুৰ পাছত জানকী অঙ্কনবাড়ী কৰ্মী পদৰ সৰু চাকৰিটো কৰি আশাৰ বন্তি দশ বছৰীয়া সন্তান অৰ্ণৱক লৈ জীয়াই থকাৰ নিচাত সংগ্ৰাম কৰি আছিল দিন-ৰাতি । কেইদিন ধৰি অৰ্ণৱৰ খুবেই জ্বৰ মূৰৰ বিষ, টোপনি নহয় চকু ৰঙা পৰি ফুলি গৈছে, খোৱা-লোৱা, স্কুল আদি বন্ধ। মাজে মাজে বমি হয় বমিত তেজ ওলাই….. মেডিকেলত লৈ যোৱা হ’ল, দুই এটা জ্বৰৰ ঔষধ বাকী কেইটা ডাঙৰ ডাঙৰ টেষ্ট কৰিব দিলে , চুলি পৰি টাকলা হৈ গ’ল ……। কেইবাদিন পাৰ হ’ল অৰ্ণৱ দিনক দিনে একেবাৰেই কাতৰ, অৱশেষত জানিব পৰা গ’ল….অৰ্ণৱৰ ক্যান্সাৰ, জীৱনৰ সকলোতকৈ ডাঙৰ আঘাত …….।
ডক্টৰে ত্ৰুটি ৰখা নাছিল যদিও ব্যৰ্থ… । গৱেষণা মতে ডক্টৰে জনালে শিশু ক্যান্সাৰৰ  সাৰ বৃদ্ধিৰ মূখ্য কাৰণ কেমিকাল যুক্ত বাহিৰা খাদ্য নুডুলচ্, মেগী,চিপচ্, বিস্কুট, জুচ, জেমচ্, ভিন্ন মেডিচিন যুক্ত ফাষ্ট ফুট আদি…. আৰু অতিৰিক্ত মোবাইল ফোন ব্যৱহাৰ কৰাও মূখ্যম কাৰণ….। বাহিৰা খাদ্যবোৰ সদায় মোবাইল টিভিত আকৰ্ষণীয় বিজ্ঞাপন আৰু অংগী-ভংগিমাৰ জৰিয়তে মনোৰঞ্জন, সুগন্ধি ,খাবলৈ সুস্বাদু , কিন্তু সেয়া যে কেৱল আৰ্টিফিচিয়াল কেমিকাল যুক্ত । তাত প্ৰাকৃতিক উপাদান একেবাৰেই ব্যৱহাৰ নহয়….।
শিশুক বুজাবলৈ আমি প্ৰতিগৰাকী মানুহ ব্যৰ্থ ফলত সমাজ ভুক্তভোগী কৰুণ মৃত্যু আৰু মৃত্যু মাথোঁ মৃত্যু , মানসিক ভাবে ক্লান্ত হাজাৰ-হাজাৰ মাতৃ -পিতৃ পৰিবাৰ , দেশ তথা জৰাক্ৰান্ত বিশ্ব , পৰিবৰ্তন হুক প্ৰতিটো মন, নিৰোগী দেহ অমূল্য ৰতন , চেষ্টা কৰিম প্ৰতিপল, নিশ্চিত এদিন আহিবয়,সফল!!!
প্ৰতি গৰাকী অভিভাৱকৰ কৰো অনুৰোধ। ৰক্ষা আৰু সুৰক্ষিত কৰক নিজৰ শিশুক।।