ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ স্ব-অৰ্থায়িত পাঠ্যক্ৰমৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) স্ব-অর্থায়িত পাঠ্যক্রম ক্রমে সমাজতত্ত্ব, মনোবিজ্ঞান, শিক্ষাতত্ত্ব, বি চি এ, জৈৱ প্রযুক্তি, সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ শুভাৰম্ভণী অনুষ্ঠান ২১ জুলাইত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ শ্রীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে অধ্যক্ষ ড° শশীকান্ত শইকীয়াই। উদ্বোধনী ভাষণ প্রসংগত অধ্যক্ষ ড° শইকীয়াই নবাগত ছাত্র- ছাত্রীসকলক ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ বিষয়ে এক চমু আভাস দিয়াৰ লগতে আহিবলগীয়া দিনবোৰত মহাবিদ্যালয়খনৰ উন্নতিৰ হকে কাম কৰি যাবলৈ অনুপ্রাণিত কৰে। অধ্যক্ষগৰাকীয়ে লগতে নবাগত ছাত্র ছাত্রীসকলক সময়ক অধিক গুৰুত্ব দি, সময় অপচয় নকৰি জীৱনটোক সফলতাৰ দিশত আগুৱাই নিবলৈ আহ্বান জনায়। মনোবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা উপাসনা দত্তই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি পৰীক্ষা নিয়ন্ত্রক ড° মৃদুল শর্মাই নবাগত ছাত্র-ছাত্রীসকলক নতুন শিক্ষা নীতিৰ পাঠ্যক্রম কিদৰে পঢ়িলে লাভৱান হ’ব সেই বিষয়ে অৱগত কৰে। অনুষ্ঠানটিত স্ব-অর্থায়িত পাঠ্যক্ৰমৰ অধ্যাপক- অধ্যাপিকাকে ধৰি শতাধিক নবাগত ছাত্র ছাত্রীৰ লগতে ভালেসংখ্যক অভিভাৱক- অভিভাবিকা উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ স্মৃতি বিজড়িত বিভিন্ন তথ্যচিত্র নবাগত ছাত্র-ছাত্রীসকলৰ আগত প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা ড° মনীষা ডেকাই।