শাওণৰ পথাৰখন আজি প্ৰাণহীন  –  আয়শা ছিদ্দিকা

শাওণৰ পথাৰখন আজি প্ৰাণহীন 

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

শাওণৰ পথাৰখন আজি প্ৰাণহীন
বহু দিন হ’ল বৰষুণৰ স্পৰ্শ যে পোৱা নাই।
দুখীয়া কৃষকৰ যেন চিন্তাই
টোপনি হেৰাল
কি কৰিব, কেনেকৈ কৰিব?
কৃষি যে জীৱনৰ জীয়াই থকাৰ
একমাত্ৰ সমল।
তাকোচোন পোৱা নাই হ’ল বহুদিন,
বৰ্ষা কালতো খাল, ডোং, নদ-নদী পানী শূন্য।
পথাৰ ফাট মেলা,
এয়া কোন জনমৰ পাপৰ শাস্তি
নে প্ৰকৃতিৰ কোনো অভিশাপ…?
আকাশো যেন নিশ্চুপ আজি
নিদিয়ে কোনো আশাৰ বা
ধৰিত্ৰী আইৰ বুকুত
সেউজ অৰণ্য আজি বিৰঙীণ
কেৱল ধূলি, উত্তাপ আৰু আশাহীন বতৰ…
এইবাৰ আমাৰ খেতি নহ’ব..?
এনে কথা ভাবি কৃষকৰ বুকু খহে
ওলাই মাথোঁ চকুপানী
মুখত নাই কোনো উত্তৰ।
নগৰখন দূৰত হাঁহে
এচাম মুখ্য সুখত বিভোৰ হৈ
লোকৰ মাজত‌
নাই কোনো সংশয় মাথোঁ চাই ৰয়
বেজাৰত জহি পৰা
কৃষকৰ কান্দোনৰ ৰুল
হে বৰষুণ! তুমি আহা,
তুমি আহা আকৌ এবাৰ পৃথিৱী উপচি,
আকৌ ধানৰ শিষেৰে হাঁহিবলৈ দিয়া
এই প্ৰাণহীন পথাৰখন।
কৃষকেও হাঁহিব…
পৃথিৱীও সাজিব ন সাজে….