কথা মনতে লৈ চিতাত উঠিম – অৰ্ণৱ কটকী

কথা মনতে লৈ চিতাত উঠিম

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট

এবোজা কথা মনত লৈ চিতাত উঠিম
জীৱনৰ হিচাপ পিছত কৰিম
নাই নাই মাথোঁ হতাশাৰ ধোঁৱা
জীৱন কি এনেকুৱাই?
শান্তি বিচাৰি পাৰ ঘাটত বহি
উকা উকা লগা নিসংগ মনে হুমুনিয়াহ এৰে
কোনোবা সাহসৰ শুভ্ৰ প্ৰতীক এজন
নোপোৱাৰ বেদনাই বুকু খন বাৰুকৈ ফালে।
থাকি যাব কথা, ৰৈ যাব নিঠৰ হৃদয়ৰ মাজত
অব্যক্ত হেজাৰ কথাৰে আমনি নকৰে আৰু
শুই পৰা জীৱনে মায়া মোহ উৰুৱাই
পাৰ কৰিব বৈতৰণী নৈ ।।
যাম গৈ মনৰ কথা বিলাক মনতে বান্ধি
মিছা হাঁহি মাৰি সুখী থকাৰ অভিনয় কৰি কৰি
জীৱন এনেকুৱাই নেকি ?
হতাশা নিৰাশাৰে আৱৰা ধূসৰ ধোঁৱা
হেৰুৱাই আহিলোঁ হাঁহি কিম্বা বুকুৰ কুটুম
সুখ কিনাৰ দৌৰত ভাপ হৈ উৰিলে সপোন
ওঁঠৰ কেকুৰিত বান্ধি লৈ এবোজা কথা
চিতাত উঠিম এদিন সকলোকে এৰি।।