মঞ্জু দালৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি
অঞ্জু শাণ্ডিল্য
আমাৰ ডাঙৰ দাদা দিলীপ কুমাৰ গোস্বামীৰ মৃত্যুত মাত লগাবলৈ আহি পৰেশদা(অলীণ কন্দলী)য়ে কৈছিল, “দিলীপ দা ঢুকোৱাৰ খবৰটো মঞ্জুদাৰ কাণত পেলোৱা নাই ।কথাটো শুনিলে মঞ্জুদাই হাৰ্ট ফেইল কৰিব।সৰুৰেপৰা দিলীপদাৰ লগত একে লগে খেলা-ধুলা ,পঢ়া-শুনা,চাকৰি কৰা কথাবোৰ মঞ্জু দাই মাজে মাজে কৈ থাকে।এতিয়া দিলীপ দা ঢুকোৱাৰ খবৰটো সহ্য কৰিব নোৱাৰিব ।” কিন্তু যোমন্দিৰত ৬ জুলাইত মঞ্জু দাই মৃত্যু বৰণ কৰিলে ।১৬জুলাইৰ আবেলি বন্দিতা শৰ্মা কন্দলীয়ে আমাক সেই নিদাৰুণ কথাটো জানিবলৈ দিয়াত মুখৰ ভাষা নাইকিয়া হৈ পৰে ।আমি তিতাবৰৰ ৰঙাজান চাহ বাগিচাত থাকোতে মঞ্জুদাৰ ঘৰৰ কাষতে আমাৰ ঘৰ আছিল ।আমাৰ দুয়োঘৰৰ মাজত তুলতুলবাহতৰ ঘৰ ।মঞ্জুদা,তুলতুলবা,দিলীপদা একে পঢ়িছিল।তিনিওৰে মাজত গভীৰ বন্ধুত্ব ।তিনিওজনে আমাক বৰ মৰমৰ চকুৰে চাইছিল ।দুষ্টালি কৰিলেও শাসন কৰিছিল ।এটা সময়ত আমাৰ দেউতাই বাগিচাৰ চাকৰিৰ পৰা অৱসৰ লৈছিল আৰু আমি যোৰহাটৰ ঢাপকটা বৰসত্ৰলৈ গুছি আহিলো।তিনিওঘৰৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰে; কিন্তু মঞ্জুদাহতৰ ঘৰ খনৰ লগত আহ -যাহ চলি থাকে ।পৰেশদাই আমাৰ ঘৰত থাকি ৰঙাজান চাহ বাগিচাত চাকৰিও কৰিছিল ।মঞ্জুদাৰ যোৰহাটৰ ভাৰাঘৰত থাকি আমি জেবি কলেজত পৰীক্ষা দিছিলো ।তেতিয়া মঞ্জু দাৰ বায়েক মিন্তি বাইদেউয়ো আমাৰ লগত আছিল ।দুয়ো জনে কিমান আদৰ-যত্ন লৈ আমাক পৰীক্ষালৈ পঠিয়াই দিছিল! কথাবোৰ আজিও পাহৰা নাই ।পাছত আমাৰ ঢাপকটা বৰসত্ৰলৈও মঞ্জু দা,পৰেশদা, মিন্তি বাইদেউ, ৰীতীমণীবৌ আহিছিল।আমিও মঞ্জু দাৰ দেৰগাঁৱৰ ঘৰলৈ গৈছিলো ।ক’ৰবাত ভাল ল’ৰাৰ খবৰ পালে আমাৰ বাবে দেউতা,দাদা ক কৈছিল ।সেই জন মঞ্জু দাই হঠাৎ সকলোকে কন্দুৱাই গুছি গ’ল।তুলতুলবাক সেই মৰ্মান্তিক খবৰটো দিওতে ,”হে ভগবান ” বুলি তুলতুলবা হতভম্ব হৈ পৰে ।বুবুক সান্ত্বনা দিবলৈ ফোন কৰি নিজেই শোকত ভাগি পৰি কান্দি কান্দি কৈছিলা, “দিলদাৰ ওচৰলৈ গুছি গ’ল অ’ দুয়ো বন্ধু একে লগে থাকক ।” ফোনত আৰু একো কথা ক’ব পৰা নাছিলো ।জেবি কলেজত যেতিয়া বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়িবলৈ লৈছিলো তেতিয়া মঞ্জুদাই উদ্ভিদবিদ্যা বিষয়ৰ প্ৰেক্টিকেল বিভাগৰ নীৰিক্ষকৰূপে আছিল ।সেই সময়ত কিমান মৰমেৰে আমাৰ ক্লাচত আছিল,আমাক কথা শিকাইছিল! সেই বোৰ সোৱৰণ কৰি চকুলো নিগৰিছে।পৰিয়ালৰ সকলোকে সমবেদনা জনাইছো আৰু মঞ্জু দাৰ আত্মাই সদগতি লাভ কৰাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।