মহানগৰীত পুনৰ সাংবাদিকক অপদস্থ, দোষীক গ্ৰেপ্তাৰৰ দাবী দিছপুৰ প্ৰেছ ক্লাবৰ

মহানগৰীত পুনৰ সাংবাদিকক অপদস্থ, দোষীক গ্ৰেপ্তাৰৰ দাবী দিছপুৰ প্ৰেছ ক্লাবৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ খানাপাৰাস্থিত ড্ৰিমলেণ্ডত ওলোমা বাগানৰ পৰা পৰি এটি ১২ বছৰীয়া শিশু ICUত’ চিকিৎসাধীন হৈ থকা ঘটনাৰ গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট কৰিবলৈ যোৱা সাংবাদিক তথা ২৪ লাইভৰ মুখ্য সম্পাদক, ইমদাদ আলিক ড্ৰিমলেণ্ড কৰ্তৃপক্ষৰ এগৰাকী মহিলাই শাৰীৰিকভাৱে অপদস্থ কৰা আৰু চেনেলটোৰ বুম ভাঙি দিব খুজি বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে দিছপুৰ প্ৰেছ ক্লাবে। এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে সাংবাদিক নিগ্ৰহৰ ঘটনাত জড়িত মহিলা গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে আইনি ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনায়। আনহাতে ১২ বছৰীয়া শিশুটি কি দৰে আঘাতপ্ৰাপ্ত হৈ আই চি ইউত চিকিৎসাধীন হ’ব লগীয়া হ’ল সেই ঘটনাৰো এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে প্ৰেছ ক্লাবে ।