শংকৰ-মাধৱ সংগীত মহাবিদ্যালয়ৰ গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ উদ্যোগত শংকৰ-মাধৱ সংগীত মহাবিদ্যালয়, মাজুলীৰ সহযোগত যোৱা ৩ জুলাইৰ পৰা অনুষ্ঠিত সত্ৰীয়া নৃত্য, বৰগীত, গায়ন-বায়ন আৰু অন্যান্য গীতৰ প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। উজনি মাজুলীৰ ভিতৰুৱা অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা খনিত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰশিক্ষক যদু প্ৰসাদ শইকীয়াৰ লগতে দিলীপ কুমাৰ বৰা, বীৰেন শইকীয়া, যোগেন হাজৰিকা আৰু মতী পম্পী শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰে।
শংকৰ-মাধৱ সংগীত মহাবিদ্যালয়ৰ সভাপতি দুলাল চন্দ্ৰ তামুলীৰ সভাপতিত্বত উজনি মাজুলীৰ বহু কেইজন গণ্য – মান্য ব্যক্তিৰ উপ তিত চিনাতলী গাঁৱৰ নামঘৰত আজি কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ।মহাবিদ্যালয়খনিৰ সম্পাদক জয়ন্ত কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে সমুহীয়াভাৱে বৰগীত, গায়ন-বায়ন, সত্ৰীয়া নৃত্য, লোক গীত আদি পৰিৱেশন কৰি ৰাইজৰ মন আপ্লুত কৰে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ লগতে ২০২৪-২৫ বৰ্ষৰ মহাবিদ্যালয় খনিৰ বাৰ্ষিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰী সকলক পৰীক্ষাৰ মূল্যাংকন পত্ৰ প্ৰদান কৰা হয়।