ভাৰত-পাকিস্তানৰ সংঘাতত ৫খন যুদ্ধবিমান ধ্বংস হৈছেঃ মার্কিন ৰাষ্ট্ৰপতি
ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগামত সন্ত্রাসবাদীৰ নাৰকীয় হত্যালীলাৰ প্ৰত্যুত্তৰত ভাৰতে চলোৱা অপাৰেচন সিন্দুৰৰ সময়ত অতিকমেও ৫খন যুদ্ধবিমান ভূপতিত হৈছে বুলি দাবী কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। তেওঁ দাবী কৰে যে ভাৰত-পাকিস্তানৰ যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। দুয়োখন দেশে ইখনে সিখনক আক্রমণ কৰিছিল। সেই সময়ত অতিকমেও পাঁচখন যুদ্ধবিমান গুলীয়াই ভূপতিত কৰা হৈছে। অৱশ্যে কোনপক্ষৰ যুদ্ধবিমান ধ্বংস কৰা হৈছে সেই সম্পর্কে স্পষ্টকৈ কোৱা নাই মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। এই ধ্বংসপ্রাপ্ত যুদ্ধবিমানৰ মাজত ৰাফেল বিমানো থকা বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে। উল্লেখ্য যে ৭ মে’ৰ নিশা বায়ুসেনা, স্থলসেনা আৰু নৌসেনাৰ সমন্বিত আক্ৰমণৰ জৰিয়তে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল। নিশাৰ ভিতৰতে ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ৯টা ঘাটিত বোমাৰে আক্ৰমণ চলাই বিস্তৰ ক্ষতিসাধন কৰিছিল। ইফালে সন্ত্রাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানে ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এই সময়ছোৱাত পাকিস্তানে ভাৰতৰ যুদ্ধবিমান ধ্বংস কৰা বুলি দাবী কৰিছিল। এই সন্দৰ্ভত ভাৰতীয় সেনাপ্রধান অনিল চৌহানে ভাৰত-পাক সংঘাতৰ সময়ত এখন বিমান হেৰুওৱা বুলি স্বীকাৰ কৰিছে। ইফালে ৰাফেল নির্মাতা প্রতিষ্ঠানেও বিমানখন হেৰুওৱা সন্দৰ্ভত মন্তব্য কৰিছে যদিও শত্ৰুৰ আক্ৰমণৰ বাবে নহয় ব্যৱহাৰিক ভুলৰ বাবেহে এনে হোৱা বুলি দাবী কৰে। ২২ এপ্রিলত পেহেলগামত সন্ত্রাসবাদীয়ে ২৬জন পর্যটকক নৃশংসভাবে হত্যা কৰাৰ পিছত ভাৰত চৰকাৰে ৭ মে’ত চলোৱা আক্রমণে সন্ত্রাসবাদীৰ ঘাটিত মোক্ষম আঘাত হানিছিল।