ৰামপুৰ বগীবিল গাওঁ পঞ্চায়ত গঠন, সভানেত্ৰী হেমলতা পাৱে দলে আৰু উপ-সভাপতি দিগন্ত পেগু নিৰ্বাচিত
বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৯ জুলাই তাৰিখে লখিমপুৰ জিলাৰ নাওবৈচা উন্নয়ন খণ্ডত অনুষ্ঠিত হোৱা ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ সভানেত্ৰী আৰু উপ-সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াত সভানেত্ৰী পদৰ বাবে ৭ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা ( ৰাজগড় কছাৰী সোঁফাল ) শ্ৰীমতী হেমলতা পাৱে দলেক পাঁচছন ৱাৰ্ড সদস্যই সমৰ্থন আগবঢ়োৱাৰ লগতে ৩ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা খালিদাজীয়াকো মুঠ পাঁচ জন ৱাৰ্ড সদস্যই নাওবৈচা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু চক্ৰ বিষয়াৰ সন্মুখত সমৰ্থন আগবঢ়ায়। দুয়োগৰাকীৰ ক্ষেত্ৰত ৱাৰ্ড সদস্যৰ সমান সমান সমৰ্থিত হোৱাৰ হেতুকে নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিৰ্বাচন প্ৰক্ৰিয়াতো হেমলতা পাৱে দলে পাঁচটা ভোট লাভ কৰাৰ লগতে খালিদাজীয়াইও পাঁচটা ভোট লাভ কৰে। দুয়োগৰাকী প্ৰাৰ্থীয়ে সমান সমান ভোট লাভ কৰাত পৰৱৰ্তী সময়ত সভানেত্ৰী পদৰ বাবে টছৰ সহায় লোৱা হয়।টছত সভানেত্ৰী পদত হেমলতা পাৱে দলে জয়লাভ কৰে। আনহাতে উপ-সভাপতি পদত জয়ী হয় শ্ৰী দিগন্ত পেগু।হেমলতা পাৱে দলে জয়লাভ কৰিয়েই তেখেতক সমৰ্থিত ৱাৰ্ড সদস্য ক্ৰমে পাহাৰী হাজৰিকা,ওচমান আলি,দেৱী কুমাৰী চেত্ৰী আৰু দিগন্ত পেগুক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিশেষভাৱে ধন্যবাদ জনায় ৰঙানদী মণ্ডলৰ অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি ত্ৰিদীপ সোণোৱালক । হেমলতা পাৱে দলে ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ আসনৰ পৰা পঞ্চায়তটোৰ সামগ্ৰীক উন্নয়নৰ হকে দায়বদ্ধ হব বুলি জানিবলৈ দিয়ে আৰু সেইক্ষেত্ৰত পঞ্চায়তটোৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰ সদস্য আৰু সচেতন নাগৰিকৰ সহায় সহযোগিতাৰ লগতে সু-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে।