১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব ভাৰত-ইএফটিএৰ ১০০ বিলিয়ন ডলাৰৰ বাণিজ্য চুক্তি

১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব ভাৰত-ইএফটিএৰ ১০০ বিলিয়ন ডলাৰৰ বাণিজ্য চুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- ১ অক্টোবৰৰ পৰা  ভাৰত আৰু চাৰিখন দেশৰ ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ই এফ টি এ) গোটৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী হ’ব। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগমন্ত্রী পীযূষ গোৱেলে শনিবাৰো সামাজিক মাধ্যমযোগে এই তথ্য প্রদান কৰে। দুয়োপক্ষই ২০২৪ চনৰ ১০ মাৰ্চত বাণিজ্য আৰু অর্থনৈতিক অংশীদাৰিত্ব চুক্তি (TEPA)ত স্বাক্ষৰ কৰে। এই চুক্তিৰ অধীনত ইএফটিএত অন্তর্ভুক্ত দেশসমূহে অহা ১৫ বছৰত ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। লগতে ছুইছ ঘড়ী, চকলেট আৰু পলিছ কৰা হীৰা আদি বহু সামগ্রী কমবা শূন্য শুল্কত ভাৰতলৈ আমদানি কৰিব পৰা যাব। ই এফ টি এত আইচলেণ্ড, লিচেনস্টাইন, নৰৱে, তুইজাৰলেণ্ড আদি অন্তর্ভুক্ত। ই এফ টি এ দেশৰ বিনিয়োগে ভাৰতত ১০ লাখ প্রত্যক্ষ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব। এই চুক্তিৰ অধীনত অহা ১০ বছৰত ৫০ বিলিয়ন ডলাৰ আৰু অহা পাঁচ বছৰত আৰু ৫০ বিলিয়ন ডলাৰ বিনিয়োগ কৰা হ’ব। এই গোটত ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈছে জুইজাৰলেণ্ড। বাকী তিনিখন দেশৰ লগত বাণিজ্য কম। এই চুক্তিৰ অধীনত ভাৰতে নিজৰ শুদ্ধ লাইন বা সামগ্ৰীৰ শিতানৰ ৮২.৭ শতাংশ আগবঢ়াইছে, ই এফ টি এৰ ৰপ্তানিৰ ৯৫.৩ শতাংশ সামৰি লৈছে। তদুপৰি এই চুক্তিয়ে ঘৰুৱা ৰপ্তানিকাৰকসকলক ইউৰোপীয় সংঘৰ (ইউৰোপীয় ইউনিয়ন) বজাৰত একত্রিত হোৱাৰ সুযোগ প্রদান কৰিব। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰত-ইএফটিএৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ২৪.৪ বিলিয়ন ডলাৰ। কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলে কয় যে এই চুক্তিখন সম্পূর্ণ হ’বলৈ প্রায় ১৬ বছৰ সময় লাগিছিল। এই গোটত ছুইজাৰলেণ্ড ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ।