শাওণৰ পথাৰ – মৃদুস্মিতা শৰ্মা

শাওণৰ পথাৰ

মৃদুস্মিতা শৰ্মা
বোকাখাত

লহ-পহকৈ বাঢ়িছে
শাওণৰ কঠীয়াডৰা
ধনবৰৰ নাঙলৰ মুঠিত
জীপাল হৈ পৰিছে
পলসুৱা মাটি
ঘামৰ টোপালবোৰত যেন
শিপাই আছে সজাল সেউজীয়া

ৰঙিলীৰ লাৱনী হাতৰ
আলসুৱা মৰমতেই
শাওণৰ পথাৰখন
ৰূপহী গাভৰু হৈ
আঘোণৰ সোণোৱালী সপোন ৰচে।