শাওণৰ সেউজীয়া সপোন
ড° অঞ্জুমণি শইকীয়া
যোৰহাট
সৌৱা শাওণৰ পথাৰত
এজাক বালিমাহী চৰাই…!
সিঁহতৰ কাকলিত
জীপাল হৈ উঠে
হৃদয়ত সঞ্চিত প্ৰাণোচ্ছল
এটি মধুৰ সপোন !!
কঠিয়াবোৰৰ কঁপনিত
বুকুখনে সঘনে ধপ্ ধপায় ।
নেজানো কিয়বা ?
প্ৰতিটো প্ৰহৰত
বুকুৰ হেপাহবোৰে
বাগৰ সলায় !!
শাওণৰ বোকাপানীত
সকলোৱে হিয়া উজাৰি
হেঁপাহৰ কঠিয়া পেলাইছে ,
সেউজীয়া সপোনটিয়ে
ৰূপ সলাই
সোণবৰণীয়া হ’ব ।
এইখন পথাৰতে
হিয়াৰ দাপোনত
প্ৰেমৰ সপোন গাঠি
আমি দুয়ো এক হোৱাৰ
আশাৰ কঠিয়া সিঁচিছিলো…
আৰু এতিয়া …
সপোন ভঙাৰ আশংকাত
ভীতিগ্ৰস্ত হৃদয়ৰ
উন্মাদনাত মই দিশহাৰা !
হিমশীতল শিলাখণ্ডযেন
ভগ্ন হৃদয়ৰ সাজযোৰ পিন্ধি
অপূৰণ সেউজীয়া প্ৰত্যাশা এটি
বুকুতে সাৱতি
মই আগুৱাই যাওঁ ,
আঁচলতে বান্ধিলৈ
ব্যথাভৰা হুমুনিয়াহবোৰ ।
সিৰলুৰ সপোনটি
সপোন হৈয়ে ৰ’বনেকি !!