শাওন
গীতাঞ্জলী কলিতা ,
গুৱাহাটী
এতিয়া পিতাইৰ সুখবোৰ
ক্লেদযুক্ত পথাৰত সেউজীয়া
হৈ ফুলি উঠিছে
নাঙলৰ সিৰলুত বিপুল সম্ভাৱনাই এঙামুৰি দিছে
সৃষ্টিৰ আৱেশত ৰোৱনীৰ
ঘৰ্মাক্ত শৰীৰত সোণসেৰীয়া সপোন
এই সপোনে কঢ়িয়াই ক্লান্ত শৰীৰ আৰু ভৱিষ্যতৰ প্ৰাণময় সময়ক
দ্ৰুত অভিযান আৰু সংগ্ৰামী প্ৰচেষ্টাত ঠন ধৰি উঠে
ক্ৰমান্বয়ে সেউজী আৱেগ
এয়াই শাওন য’ত গাঁঠি থোৱা আছে
অনাগত দিনৰ সোণগুটিৰে
গৰ্ভৱতী হোৱা ভড়ালৰ স্বপ্ন …