শাওণ – পংকজ সভাপণ্ডিত

শাওণ

পংকজ সভাপণ্ডিত,উত্তৰ লখিমপুৰ

শাওণ,স্পন্দিত সময়ৰ এক আশা,
শাওনৰ পথাৰত অঙ্কুৰিত হয়
চহা খেতিয়কৰ ভৱিষ্যতৰ সপোন,
ৰোৱনি আৰু খেতিয়কৰ
প্ৰাণচঞ্চল হাঁহি আৰু অপৰিসীম শ্ৰমৰ
এখন ছবি শাওনৰ পথাৰ…..
কজলা মেঘ,টোপাল,টোপাল বৰষুণ….
বুকু কপোৱা গাজনি,
বোকাৰে লুতুৰি শৰীৰ,
গুচি গুচি কঠিয়া খুপি খুপি ৰোৱা,
শাওনৰ পথাৰ এখন জীয়া ছবি।
অনাগত দিনৰ সপোন পুৰাবলৈ
শাওনৰ পথাৰতেই আছে মেহনতি হাতৰ পৰশ
অপেক্ষা মাথো আঘোনত সোণগুটি বুটলিবলৈ…