সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰে’লৱে বোৰ্ডৰ

সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰে’লৱে বোৰ্ডৰ : ডুমডুমা ৰে’লৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা স্থাপনৰ দাবীক মান্যতা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ ধাৰাবাহিক প্ৰচেষ্টাৰ অন্তত তিনিচুকীয়া জিলাৰ ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা স্থাপনৰ দাবী পূৰণৰ দিশে আগবাঢ়িছে ৷ দীৰ্ঘদিনীয়া এই সমস্যা দূৰ হ’লে তিনিচুকীয়াবাসীৰ লগতে তিনিচুকীয়া হৈ অসমৰ বাহিৰলৈ যাতায়ত কৰা ব্যক্তি সকল উপকৃত হ’ব ৷ ৰেলৱে বৰ্ডৰ যান বাহন বাণিজ্যিক(জি)- তিনিৰ যুটীয়া সঞ্চালক -নিশিথ লুকাছ টিগ্গাই পোন্ধৰ জুলাইত উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য বাণিজ্যিক প্ৰবন্ধকলৈ এক নিৰ্দেশনা প্ৰদান কৰিছে ৷ বিষয়টো পৰীক্ষা কৰি তাৰিখৰ ভিতৰত ইতিবাচকভাৱে বিশদ প্ৰতিবেদন প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে ৷ ২০২৫ চনৰ ১ জুলাই তাৰিখে ৰেলৱে ব’ৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰক উদ্দেশ্যি লিখা এখন পত্ৰত সাংসদগৰাকীয়ে সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ৰেল বিভাগৰ সৈতে জড়িত হৈ থকা ২২ টা জটিল সমস্যাৰ বিষয়ে সবিশেষ দাঙি ধৰে । তেওঁ আলোকপাত কৰে যে বছৰ বছৰ ধৰি ৰে’ল বিভাগলৈ বাৰম্বাৰ দাবী আৰু অনুৰোধ জনোৱাৰ পিছতো এই উদ্বেগসমূহৰ অধিকাংশই সমাধান নোহোৱাকৈয়ে আছে। উত্থাপিত ২২টা দাবীৰ ভিতৰত মূল প্ৰস্তাৱসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ মেইলৰ ডিব্ৰুগড়লৈ পুনৰ সম্প্ৰসাৰণ, লেভেল ক্ৰছিং নিৰ্মাণ, গ্ৰামাঞ্চলত ষ্টেচন পুনৰ সক্ৰিয়কৰণ বন্ধ কৰা, যোৰহাট হৈ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত নতুনকৈ বন্দে ভাৰত এক্সপ্ৰেছ নিৰ্মাণ কৰা। শ্ৰী গগৈয়ে অসমত ৰে’ল ডবা নিৰ্মাণ ইউনিটৰ দৰে কৌশলগত বিনিয়োগ আৰু বন্যপ্ৰাণী কৰিড’ৰত পৰিৱেশ সুৰক্ষাৰ বাবেও আহ্বান জনায়।উপৰোক্ত দাবী সমূহৰ ভিতৰত প্ৰথমে ৰে’লৱে ব’ৰ্ডে নিশ্চিত কৰিছে যে ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি পি আৰ এছ কাউণ্টাৰ স্থাপনৰ বিষয়টো সম্পূৰ্ণৰূপে বিবেচনাধীন হৈ আছে । ৰেলৱে বোৰ্ডৰ পদক্ষেপক আদৰণী জনাইও সাংসদ গগৈয়ে কয় যে – অসমৰ ৰেল সংযোগত যথার্থ উন্নতি নিশ্চিত কৰা, সকলো অসম্পূৰ্ণ দাবীৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়ৰ ভিতৰত কাৰ্য্যকৰীকৰণৰ পদক্ষেপ গ্ৰহণ কৰা আদি বিষয়সমূক আগন্তুক দিনতো তেখেতে সজোৰে উত্থাপন কৰি যাব।