বৰদুৱাৰ বাগানত জাৰা পাটাত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা গৌৰৱ গগৈ

বৰদুৱাৰ বাগানত জাৰা পাটাত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা গৌৰৱ গগৈ

জাৰা পাটা খেলপথাৰৰ জহিখহি যোৱা সভাঘৰৰ মেৰামতিৰ বাবে ৫ লাখ টকাৰ অনুদান ঘোষণা গৌৰৱ গগৈৰ

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহস্পতিবাৰে দিনৰ ২ বজাত পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানৰ জাৰা পাটাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ উপদলপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এক সজাতি দল , জনজাতীয় আৱেষ্টনী ভাঙি বৰদুৱাৰ বাগান অঞ্চলৰ ১৫০০ একৰ ভূমি বিজেপি চৰকাৰে জি এম ডি এক গোটোৱা তথা বৰদুৱাৰ ভূমি পট্টাহীন ৰাইজৰ ভূমি উচ্ছেদ কৰি ছেটেলাইট টাউনশ্বিপ প্ৰকল্প স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে লগতে অনাগত লোকসভাত বিষয়বোৰ উপস্থাপন কৰাৰ লক্ষ্যৰে ভূমি পট্টান দাবী সমিতিৰ সভাপতি সম্পাদক আদি কৰি ৰাইজৰ সৈতে মতবিনিময় কৰে আৰু ৰাইজক সকাহ দিয়াৰ লক্ষ্যৰে বক্তব্য আগবঢ়াই উক্ত অনুষ্ঠানটিত উপস্থিত থাকে ভূমি পট্টান দাবী সমিতিৰ সভাপতি সম্পাদকৰ লগতে গোবিন্দ ৰাভা আৰু সমিতিৰ উপদেষ্টা আদিত্য ৰাভা, উদিত ভানু , সাধাৰণ সম্পাদক অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৷ লগতে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰানজিৎ চৌধুৰী , অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিৰা বৰঠাকুৰ, পলাশবাৰীৰ কংগ্ৰেছ নেতা বিপ্লৱ তালুকদাৰ , কিশোৰ দাস , অশোক দাস , অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা মুন্নী দত্ত , উমা ৰাভা , কামৰূপ জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী দীপালী তালুকদাৰ , প্ৰনৱ কলিতা ,বহু কংগ্ৰেছ কৰ্মীকে ধৰি বিভিন্ন বিষয়ববীয়া৷ উল্লিখিত যে গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত কয় যে ১৫ বছৰ মুখ্যমন্ত্ৰী থকাৰ পিছত ও প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই এনে ধৰণৰ উচ্চেদ কৰা নাছিল , চৰকাৰ খনে আজি ৰাভা ,বড়ো , কাৰ্বিসকলৰ বাবে আজি কি কৰিলে বুলি চৰকাৰখনক প্ৰশ্ন কৰে লগতে কয় যে বাগান বৰদুৱাৰত থকা শিপিনী সকলৰ বাবে ভাল উদ্যোগ সৃষ্টি কৰক , উচ্চেদ নহয় , বুলি চৰকাৰখনক প্ৰত্যাহ্বান জনাই সভাৰ শেষত বৰদুৱাৰ বাগানৰ জাৰাপাটা খেলপথাৰৰ জহি খহি যোৱা সভাঘৰৰ মেৰামতি নামত ৫ লাখ টকাৰ অনুদান ঘোষণা কৰে ৷