উচ্ছেদিতক পুনৰ ঘৰ সাজি দিব কংগ্রেছেঃমল্লিকার্জুন খার্গে

উচ্ছেদিতক পুনৰ ঘৰ সাজি দিব কংগ্রেছেঃমল্লিকার্জুন খার্গে

ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আহি অসমৰ অস্তিত্ব বিপন্ন কৰা অবৈধ বেদখলকাৰীৰ পক্ষত থিয় দিলে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খার্গে আৰু সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। কামৰূপ জিলাৰ বকোৰ বনগাঁৱত অনুষ্ঠিত কর্মীসভাত ভাষণ দি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি খার্গেই অবৈধ বেদখলকাৰী তথা সন্দেহজনক নাগৰিকলৈ মুকলি সমর্থন আগবঢ়ায়। সংৰক্ষিত বনাঞ্চল তথা চৰকাৰী ভূমিত ব্যাপকভাৱে বেদখল কৰা সন্দেহজনক নাগৰিকক ৰক্ষণাবেক্ষণ দিবলৈও চেষ্টা কৰা পৰিলক্ষিত হ’ল দলটোৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক। কর্মীসভাত ভাষণ দি খার্গেই ধুবুৰীত উচ্ছেদিতক পুনৰ ঘৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্রুতিও দিয়ে। তেওঁ কয়- ‘যোৱা সপ্তাহত ধুবুৰীত দুই হাজাৰ পৰিয়ালৰ ঘৰ বুলড’জাৰ লগাই ভাঙি দিলে। কিন্তু এওঁলোকে মনত ৰখা উচিত যে কংগ্ৰেছ চৰকাৰ আহিলে যিসকল লোকৰ ঘৰ ভাঙিছে তেওঁলোকৰ ঘৰ পুনৰ নিৰ্মাণ কৰি দিম। তেওঁলোকক সহায় কৰিম।’ তদুপৰি ভাষণ প্ৰসংগতে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে কেতবোৰ বিষয়ক লৈ আক্রমণাত্মক হৈ পৰে। চাহ বাগিচাৰ শ্ৰমিকসকলে ন্যূনতম মজুৰি লাভ নকৰাৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰ সংস্থাপন প্রদানত ব্যর্থ হোৱাপর্যন্ত বিভিন্ন বিষয়ক লৈ তেওঁ সমালোচনা কৰে। খার্গেই কয়- ‘চাহ বাগিচাৰ শ্ৰমিকসকলে ন্যূনতম মজুৰি লাভ নকৰে। তেওঁলোকক আটাইতকৈ কম মজুৰি দিয়া হয়। বর্তমান চাহ বাগিচাৰ শ্ৰমিকসকলে ২৫০ টকা মজুৰি লাভ কৰে।’ ইফালে, অসমত অনুপ্ৰৱেশকাৰীৰ নাম লৈ সকলোকে ভয় খুৱাবলৈ আহিছে বুলিও তেওঁ মন্তব্য কৰে। খার্গেই কয় যে যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰক। কিন্তু আইনমতে তেওঁলোকে কাম কৰিব নোৱাৰে। উন্নয়নৰ নামত লুণ্ঠন কৰা হৈছে। শিক্ষা, স্বাস্থ্য আদিৰ দৰে বুনিয়াদী অধিকাৰসমূহ ব্যক্তিগতকৰণ কৰা হৈছে। অসমক সঠিক দিশে আগুৱাই নিবলৈ হ’লে আমি সকলোৱে একেলগে কাম কৰিব লাগিব। অসমৰ লোকসকলৰ মূৰৰ ওপৰত দুই লাখ কোটি টকাৰ ঋণ আছে। যোৱা ১০ বছৰত ৰাজ্যখনত ইমান ঋণ সৃষ্টি কৰা হৈছে। যদি আপোনালোকৰ ওচৰত ধন আছে, তেনেহ’লে দুই লাখ কোটি টকাৰ ঋণ কিদৰে সৃষ্টি হ’ল? তদুপৰি কেন্দ্ৰীয় চৰকাৰ যুৱ প্ৰজন্মক চাকৰি প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইফালে, একেখন সভাতে ভাষণ দি ৰাহুল গান্ধীয়েও কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে কিছুদিন পূর্বে মহাৰাষ্ট্ৰত নিৰ্বাচন অনুষ্ঠিত হ’ল। মহাৰাষ্ট্ৰত বিজেপিয়ে প্রবঞ্চনা কৰিলে। লোকসভা আৰু বিধানসভা নির্বাচনত এক কোটি নতুন ভোটাৰৰ সৃষ্টি হ’ল। চাৰি মাহৰ ভিতৰত ইমান ভোটাৰ ক’ৰ পৰা সৃষ্টি হ’ল নাজানো। আমি নির্বাচন আয়োগক সুধিলোঁ এই এক কোটি ভোটাৰ ক’ৰ পৰা আহিল? আমাক ভোটাৰ তালিকা দেখুওৱাক। নির্বাচন আয়োগে আজি পর্যন্ত আমাক ভোটাৰ তালিকা নিদিলে। সেই একেই কাম তেওঁলোকে বিহাৰতো কৰিবলৈ চেষ্টা কৰিছে। বিহাৰত নতুন ভোটাৰ তালিকা প্রস্তুতৰ কাম আৰম্ভ কৰিছে। এই ভোটাৰ তালিকাত কেইবা লাখ লোকৰ নাম কৰ্তন কৰিছে। দুখীয়া লোক, শ্রমিক, খেতিয়ক, অর্থাৎ যিসকল কংগ্ৰেছ তথা আৰজেডিৰ ভোটাৰ তেওঁলোকৰ নাম কৰ্তন কৰিছে। মহাৰাষ্ট্ৰ আৰু বিহাৰৰ দৰে একেই কাম তেওঁলোকে অসমতো কৰিবলৈ চেষ্টা কৰিব। কিন্তু অসমত আমি এই কাম কৰিবলৈ নিদিওঁ। আমি সাৱধান হ’ব লাগিব। বিজেপি আৰু নির্বাচন আয়োগে একেলগে কাম কৰি আছে। নির্বাচন আয়োগে নিজৰ দায়িত্ব পালন কৰা নাই। ইফালে, ৰাহুল গান্ধীয়ে চৰকাৰক সমালোচনা কৰি কয় যে ভাৰতৰ যুৱপ্ৰজন্মই সংস্থাপন লাভ কৰা নাই। দেশত মূল্যবৃদ্ধি হৈছে। পেট্র’ল-ডিজেলৰ দাম বাঢ়ি গৈ আছে। খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। আমি দৰিদ্ৰ, কৃষক, শ্ৰমিকৰ বাবে যুঁজ দিওঁ। বিজেপিয়ে আৰবপতিৰ বাবে কাম কৰে। অৱশ্যে ৰাহুল গান্ধীৰ ভাষণত বিৰোধী ঐক্যৰ বিষয়ে এটা শব্দও উচ্চাৰণ হোৱা পৰিলক্ষিত নহ’ল। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাতে সীমাবদ্ধ থকা ভাষণত আগন্তুক বিধানসভা নির্বাচনত কংগ্ৰেছ দল কিদৰে আগবাঢ়িব সেই বিষয়ে বিশেষ পৰিকল্পনা উল্লেখ কৰাৰ পৰা তেওঁ বিৰত থাকে। বিৰোধী দলসমূহে আগন্তুক নির্বাচন একত্রিতভাবে খেলিবলৈ পোষকতা কৰি অহাৰ সময়তে ৰাহুল গান্ধীয়ে এই সন্দর্ভত কোনোধৰণৰ মতামত প্রকাশ নকৰিলে। বৰঞ্চ কংগ্ৰেছে অকলশৰীয়াকৈ নিৰ্বাচন খেলাৰহে তেওঁ ইংগিত প্ৰদান কৰে। এই প্ৰসংগত তেওঁ কয়-‘কিছুদিন পিছতে নির্বাচন অনুষ্ঠিত হ’ব। আপোনালোকে কংগ্ৰেছ দলে ছুইপ কৰি জয়ী হ’ব। ইয়াত আমি এটা নতুন টীম থিয় কৰাইছোঁ। মই গৌৰৱ গগৈ আৰু তেওঁৰ টীমক শুভেচ্ছা জনাইছোঁ যে আপোনালোকে কাম আৰম্ভকৰিছে। ইয়াৰ ফলাফল অসমৰ জনতাই নিশ্চয় দেখিব, আমি সকলোৱে দেখিম।’ আনহাতে, কর্মীসভাখনৰ প্ৰচাৰলৈ যোৱা সংবাদ মাধ্যমৰ বিৰুদ্ধেও তেওঁ সৰৱ হোৱা পৰিলক্ষিত হয়। গান্ধীয়ে কয়- ‘সংবাদ মাধ্যমৰ লোকসকলক আমাৰ বন্ধুসকল বুলি সম্বোধন কৰিছোঁ। কিন্তু এওঁলোক আমাৰ বন্ধু নহয়। কিয়নো, এওঁলোকৰ অভ্যাস হৈ গৈছে যে সঁচা কথা নেদেখুৱায়। আম্বানি, আদানিয়ে যি কয়, মুখ্যমন্ত্রীয়ে যি কয়, তাকেই ২৪ ঘণ্টাই দেখুৱায়। নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ চেহেৰা দেখুৱায়। কিন্তু ইয়াৰ কোনো প্রভাৱ নপৰে। কিয়নো, সত্য অসমৰ মানুহে জানে।’ উল্লেখ্য যে বুধবাৰে দিনৰ প্ৰায় ১১ বজাত মল্লিকার্জুন খাৰ্গে আৰু ৰাহুল গান্ধী বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। ইয়াতে প্রদেশ কংগ্রেছ নেতৃবৃন্দ আৰু কংগ্ৰেছ কৰ্মীসকলে দুয়োগৰাকী নেতাক উষ্ম অভিনন্দন জনায়। বিমানবন্দৰৰ পৰা তেওঁলোক পোনে পোনে উপস্থিত হয় কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত। য’ত দুয়োগৰাকী নেতাই ৰাজনৈতিক পৰিক্ৰমা কমিটী, প্রদেশ কংগ্ৰেছৰ বিষয়ববীয়া, সাংসদ, বিধায়ক, ফ্রন্টেল হেডছ আৰু জিলা কংগ্ৰেছৰ সভাপতিসকলৰ সৈতে সতীর্থ সন্মিলনত মিলিত হয়। কেইবাটাও সামাজিক সংস্থাৰ সৈতেও নেতা দুগৰাকী মিলিত হয়। সতীর্থ সন্মিলনত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে। বিশেষকৈ নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ মূল ইছ্যুসমূহ কিধৰণৰ হ’ব সেই বিষয়ে বিশদভাৱে আলোচনা হয়। বকোৰ বনগাঁৱত অনুষ্ঠিত সভাখনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক কে চি বেণুগোপাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱৱত শইকীয়াকে ধৰি দলটোৰ শীর্ষ নেতৃবৃন্দ উপস্থিত থাকে।