প্রধানমন্ত্রী ধন-ধান্য কৃষি যোজনাৰ বাবে ২৪ হাজাৰ কোটিৰ অনুমোদন মোদী কেবিনেটৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে ছবছৰৰ বাবে ‘প্রধানমন্ত্রী ধন-ধান্য কৃষি যোজনা’ত অনুমোদন জনায়। মুঠ ২৪ হাজাৰ কোটি টকাৰ এই আঁচনি ২০২৫- ২৬ বৰ্ষৰ পৰা ১০০খন জিলাত কার্যকৰী হ’ব। কৃষি উৎপাদনশীলতা বৃদ্ধি, শস্যৰ বৈচিত্র্য আৰু বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ, পঞ্চায়ত আৰু ব্লক পর্যায়ত শস্য চপোৱাৰ পিছৰ মজুতকৰণ ক্ষমতা বৃদ্ধি, জলসিঞ্চনৰ সুবিধা উন্নত কৰা আৰু দীর্ঘম্যাদী আৰু হ্রস্বম্যাদী ঋণৰ উপলব্ধতা সহজ কৰি তোলা আদি আঁচনিখনৰ লক্ষ্য। ১১টা বিভাগৰ ৩৬খন বৰ্তমানৰ আঁচনি, ৰাজ্যসমূহৰ অন্যান্য আঁচনি আৰু ব্যক্তিগত খণ্ডৰ স্থানীয় অংশগ্ৰহণৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰা হ’ব। তিনিটা মূল সূচকৰ ভিত্তিত ১০০খন জিলা চিনাক্ত কৰা হ’ব। সেয়া হৈছে কম উৎপাদনশীলতা, কম শস্যৰ তীব্ৰতা আৰু কম ঋণ প্রদান। প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত জিলাৰ সংখ্যা শুদ্ধ শস্যৰ ক্ষেত্ৰফল (এটা কৃষি বর্ষত প্রকৃততে শস্য খেতি কৰা মুঠ ক্ষেত্রফল) আৰু কাৰ্যকৰী ভূমিৰ ওপৰত ভিত্তি কৰি হ’ব। আঁচনিৰ বাবে প্ৰতিখন ৰাজ্যৰ পৰা অন্ততঃ এখন জিলা নির্বাচন কৰা হ’ব। আঁচনিখনৰ ফলপ্ৰসূ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণৰ বাবে জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পর্যায়ত সমিতি গঠন কৰা হ’ব। জিলা ধন-ধান্য সমিতিৰ দ্বাৰা জিলা কৃষি আৰু সংশ্লিষ্ট কাৰ্যকলাপৰ পৰিকল্পনা চূড়ান্ত কৰা হ’ব। এই সমিতিৰ সদস্য হিচাপে প্রগতিশীল কৃষকো থাকিব। শস্যৰ বৈচিত্র্য, জল আৰু মাটিৰ স্বাস্থ্য সংৰক্ষণ, কৃষি আৰু সংশ্লিষ্ট খণ্ডত স্বাৱলম্বিতা আৰু প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰসাৰৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ লগত সংগতি ৰাখি জিলা পৰিকল্পনাসমূহ হ’ব। প্রতিখন ধন-ধান্য জিলাত আঁচনিৰ অগ্রগতি ১১৭টা মূল প্ৰদৰ্শন সূচক অনুসৰি ডেচ ব’ৰ্ডৰ জৰিয়তে মাহেকীয়া ভিত্তিত নিৰীক্ষণ কৰা হ’ব। নিটি আয়োগে জিলা পৰিকল্পনাসমূহো পর্যালোচনা আৰু পথ প্ৰদৰ্শন কৰিব। তদুপৰি প্ৰতিখন জিলাত নিযুক্ত কেন্দ্রীয় ন’ডেল বিষয়ায়ো নিয়মীয়াকৈ আঁচনিখন পর্যালোচনা কৰিব। ইফালে আগন্তুক বর্ষত গ্রাম এনার্জীৰ বাবেও কেন্দ্ৰীয় চৰকাৰে ২৭ হাজাৰ কোটি টকা খৰচ কৰিব। এই আঁচনিতো মোদী চৰকাৰে অনুমোদন জনায়।