২৩-২৫ জুলাইত দক্ষিণ আফ্রিকা ভ্রমণ কৰিব পৱিত্ৰ মাৰ্ঘেৰিটা
ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰী কাৰ্যসূচীৰে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮-২২ জুলাইত ইস্বাটিনি, লেছ’থো আৰু ২৩-২৫ জুলাইত দক্ষিণ আফ্রিকা ভ্রমণ কৰিব। ইস্বাটিনি ভ্রমণকালত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ইস্কাটিনিৰ মহামহিম নৃপতি স্বাতী তৃতীয় আৰু দেশখনৰ প্রধানমন্ত্রীক সাক্ষাৎ কৰিব। তেওঁ ইস্বাটিনিৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা আৰু পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত আলোচনা কৰিব। এই ভ্রমণকালত বাণিজ্য-বিনিয়োগ, সক্ষমতা বিকাশ, উন্নয়ন সহযোগিতা আৰু জনসাধাৰণৰ মাজত আদান-প্রদান আদিৰ ক্ষেত্ৰত সহযোগিতা বঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ’ব। কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই ইস্বাটিনিত বসবাস কৰা প্রবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিব আৰু ভাৰতৰ সহযোগিতামূলক বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লেছ’থোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মহামহিম নৃপতি লেটচি তৃতীয় আৰু প্রধানমন্ত্রী ছেমুৱেল মাতেকানেক সাক্ষাৎ কৰিব। তেওঁ বৈদেশিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্ক দপ্তৰৰ মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ লোৱাৰ লগতে দেশখনৰ তথ্য, যোগাযোগ, বিজ্ঞান-প্রযুক্তি আৰু উদ্ভাৱনী দপ্তৰৰ মন্ত্ৰী, শিক্ষা আৰু প্ৰশিক্ষণ দপ্তৰৰ মন্ত্ৰী আৰু শ্ৰম আৰু কৰ্মসংস্থান দপ্তৰৰ মন্ত্ৰীসকলকো সাক্ষাৎ কৰিব। উল্লেখ্য যে ভাৰতৰ পৰা লেছ’থোলৈ এয়া হ’ব এটা দশকৰ পিছত এগৰাকী মন্ত্ৰীৰ আনুষ্ঠানিক ভ্রমণ। ইস্বাটিনি আৰু লেছ’থো ভ্রমণ সামৰি কেন্দ্ৰীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই অহা ২৪-২৫ জুলাইত দক্ষিণ আফ্রিকাৰ স্কুকুজাত অনুষ্ঠিত হ’বলগীয়া জি-২০ উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকত ভাৰতৰ প্রতিনিধিবর্গক নেতৃত্ব দি অংশগ্রহণ কৰিব। তেওঁ দক্ষিণ আফ্ৰিকাৰ Presi-dency for Planning, Monitoring and Evaluation দপ্তৰৰ মন্ত্ৰী মৰোপেনে লিডিয়া ৰামোকগোপা আৰু অন্যান্য উন্নয়ন বিষয়ক দায়িত্বত থকা মন্ত্ৰীসকলৰ লগতে জি-২০ৰ সদস্য, আমন্ত্ৰিত ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রতিনিধিসকলৰ সৈতে বৈঠকত অংশগ্রহণ কৰিব। কেন্দ্ৰীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই ইস্বাটিনি, লেছ’থো আৰু দক্ষিণ আফ্রিকাৰ প্ৰখ্যাত ব্যৱসায়ী, প্রবাসী ভাৰতীয়সকলক সাক্ষাৎ আৰু মত বিনিময় কৰাৰ সম্ভাৱনা আছে।