মুৰিডকেত সন্ত্রাসবাদীক প্রশিক্ষণত ব্যস্ত হাফিজ ছৈয়দ

মুৰিডকেত সন্ত্রাসবাদীক প্রশিক্ষণত ব্যস্ত হাফিজ ছৈয়দ

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানে  লস্কৰ-ই-তৈবাৰ মুৰব্বী কুখ্যাত সন্ত্রাসবাদী হাফিজ ছৈয়দ কাৰাগাৰত থকা বুলি চলোৱা মিথ্যাচাৰ প্রমাণিত হৈছে। অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড সন্ত্রাসবাদী হাফিজ ছৈয়দৰ কাৰ্যকলাপে পাকিস্তানৰ মিথ্যাচাৰ উদঙাই দিয়াৰ লগতে সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰাৰ তথ্যওনিশ্চিত হৈছে। সামাজিক মাধ্যমযোগে প্ৰচাৰিত ভিডিঅ’ত সন্ত্রাসবাদী হাফিজ ছৈয়দে লস্কৰ-ই-তৈবাৰ ক্ষুদ্ৰ গোটক প্রশিক্ষণ দি থকা দেখা গৈছে। বিশেষকৈ মুৰিডকে প্রশিক্ষণ কেম্পত হাফিজ ছৈয়দে এছাল্ট ৰাইফল লৈ সন্ত্রাসবাদীক প্রশিক্ষণ দি থকা দেখা গৈছে। কঠোৰ প্ৰশিক্ষণৰ সময়ত হাফিজ ছৈয়দে সন্ত্রাসবাদীক মন্ত্রণা দিয়াও দেখা গৈছে। উল্লেখ্য যে অপাৰেচন সিন্দূৰেৰে পাকিস্তান আৰু পিঅ’কেত সন্ত্রাসবাদী শিবিৰ বিধ্বস্ত কৰাৰ পিছত পুনৰ নতুনকৈ শিবিৰসমূহ গঢ়ি তোলা হৈছে। নতুনকৈ গঢ়া মুৰিডকে শিবিৰত হাফিজ ছৈয়দৰ প্ৰশিক্ষণ চৰ্চাৰ বিষয় হৈ উঠিছে।