অণুগল্প
অলংকাৰ
খৰ্গেশ্বৰ বৰা
পল্লবীক বিয়াত দিয়া অলংকাৰ খিনি বন্ধক দিয়াৰ কথাটো লৈ শাহুৱেকে নানা ধৰণে গালি পাৰিলে ৷ উত্তৰত পল্লবীয়ে নম্ৰভাৱে ক’লে মোৰ বাবে প্ৰধান অলংকাৰ মোৰ স্বামী দেৱতা জীয়াই থকাটো ৷ কথাষাৰ কৈ টকাকেইটা লৈ হস্পিতালৰ ৰিচিভ কাউন্টাৰত সোমাল ৷