৭১বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি

৭১বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিত ত্রাহি-মধুসূদন দেখা দেশবাসীৰ ওপৰত এইবাৰ ঔষধৰ দাম বৃদ্ধিৰ বোজা। ৭১ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। কৰ্কট, মধুমেহকে ধৰি ৭১ বিধ জীৱনদায়িনী ঔষধৰ লগতে পেৰাছিটামলৰো দাম বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ পাছত ঔষধৰ মূল্য নির্ধাৰণকাৰী কেন্দ্ৰীয় সংস্থা নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী, চমুকৈ এনপিপিয়ে উল্লেখিত ঔষধকেইবিধৰ দাম নির্ধাৰণ কৰিছে। তথ্য মতে, নির্দিষ্ট কিছু ঔষধ প্রস্তুতকাৰী সংস্থাৰ ক্ষেত্ৰত এই নিয়ম কার্যকৰী হ’ব। ৰিলায়েঞ্চ লাইফ ছায়েঞ্চ সংস্থাই ‘ট্রাষ্টুজুমাৰ’ নামৰ এবিধ ঔষধ প্ৰস্তুত কৰিছে। এই ঔষধবিধ স্তন কর্কট আৰু গেষ্ট্রিক কৰ্কটৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এই ঔষধবিধৰ দামো বৃদ্ধি কৰা হৈছে। কৰ্কটৰ এই ঔষধৰ দাম বৃদ্ধি কৰাৰ উপৰি মধুমেহ চিকিৎসাত ব্যৱহৃত ২৫বিধ ঔষধৰ দাম বৃদ্ধি কৰা হৈছে। ইয়াৰ মাজত ছিটাগ্লিন্টিনো আছে। আনপিনে কিছুমান কোম্পানীয়ে প্ৰস্তুত কৰা পেৰাছিটামল ঔষধৰো দাম বৃদ্ধি কৰা হৈছে। সূত্র মতে, ২০১৩ চনৰ ঔষধৰ মূল্য নিয়ন্ত্রণ বৃদ্ধিৰ অধীনত এই ঔষধৰ মূল্য নির্ধাৰণ কৰা হৈছে। স্মৰ্তব্য যে চলিত বর্ষত দেশত ৭৪৮বিধ ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে। বিভিন্ন প্রতিবাদ সত্ত্বেও সাধাৰণ জনতাৰ সমস্যাক আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে বহুল ব্যৱহৃত কৰ্কট আৰু মধুমেহ ৰোগৰ ঔষধৰ দাম বৃদ্ধিয়ে তীব্র প্রতিক্রিয়াৰো সৃষ্টি কৰিছে।