উচ্ছেদ অভিযানৰ জৰিয়তে বৰ্তমানলৈকে ৰাজ্যৰ মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত

উচ্ছেদ অভিযানৰ জৰিয়তে বৰ্তমানলৈকে ৰাজ্যৰ মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  লোকসেৱা ভৱনত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শেহতীয়া উচ্ছেদ সন্দর্ভত বিস্তৃত তথ্য দাঙি ধৰাৰ লগতে এই উচ্ছেদস্থলীত যে পুনৰ দখল হোৱা নাই, তাকো স্পষ্ট কৰিলে। বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা উচ্ছেদ অভিযানৰ জৰিয়তে সৰ্বমুঠ ১ লাখ ১৯ হাজাৰ ৫৪৮ বিঘা মাটি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই তথ্য দাঙি ধৰিছে। মুখ্যমন্ত্রীয়ে প্রকাশ কৰা তথ্য অনুসৰি শোণিতপুৰ জিলাত সর্বাধিক ৩৪,৫২৭ বিঘা মাটি, দৰং জিলাত ১৭,৯০৫ বিঘা, লখিমপুৰ জিলাত ১৩,৪৮১ বিঘা, হোজাই জিলাত ১০,৭৪৯ বিঘা, গোৱালপাৰা জিলাত ৮,২৪০ বিঘা, গোলাঘাট জিলাত ৮,০৮০ বিঘা, চিৰাং জিলাত ১,৫৭৩ বিঘা, কাছাৰ জিলাত ৭৫৬ বিঘা আৰু বঙাইগাঁও জিলাত ২৮৫ বিঘা মাটি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয়- এই চৰকাৰ শাসনলৈ অহাৰ পিছত অর্থাৎ ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে বনাঞ্চল আৰু ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বেদখলকৃত ৮৪,৭৪৩ বিঘা ভূমি, ভিজিআৰ-পিজিআৰৰ ৩,৬৪৩ বিঘা, চৰকাৰী ভূমি ২৬,৭১৩ বিঘা, সত্ৰ-নামঘৰৰ ৪,৪৪৯ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে। স্বৰাজত্তোৰকালৰ পাছত এয়া সর্ববৃহৎ ভূমি দখলমুক্ত। সর্বমুঠ প্রায় ১৬০ বর্গকিলোমিটাৰ ভূমি বেদখলমুক্ত কৰা হৈছে। তেওঁ কয়- গুৱাহাটীত উন্নয়নমূলক কাম-কাজৰ বাবে গছ কাটোতে যিসকলে প্রতিবাদ কৰিছিল, সেইসকলে কিন্তু এই বেদখলমুক্ত কৰা ভূমিত যোৱা সময়ছোৱাত ৰোপণ কৰা হাজাৰ বৃক্ষৰ ক্ষেত্ৰত কিন্তু চৰকাৰক প্ৰশংসা নকৰে। উল্লেখ্য যে বেদখল উচ্ছেদক লৈ চৰকাৰে চলোৱা অভিযানত লৈ বিগত সময়ছোৱাত বিৰোধী ৰাজনৈতিক দল তথা একাংশ লোকে চৰকাৰক কৰা সমালোচনাক লৈ যথেষ্ট ৰাজনৈতিক বিতর্ক হৈছিল। এই প্রসংগতে মুখ্যমন্ত্রীয়ে কয়- বনভূমি তথা বনাঞ্চলৰ ভূমি ৰক্ষা কৰা তথা বেদখলকাৰীক প্ৰতিৰোধ কৰা কাম এখন চৰকাৰৰ বাবে ৩-৪ বছৰত কৰা কাম নহয়। এখন চৰকাৰে অতি কমেও ২০-২৫ বছৰ ক্ৰমাগতভাৱে কাম কৰি থাকিলেহে সেয়া সম্ভৱ হয়। এই বেদখল ৰোধ বা বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত বন বিভাগ আছে যদিও সেয়া যথেষ্ট নহয়। যেতিয়া ৰাতিৰ ভিতৰতেই ৫ হাজাৰ লোকে আহি গছ-বন কাটি গাঁও সাজি লয়, তেতিয়া বন বিভাগে কৰিবলগীয়া একো নাথাকে। তেওঁলোকৰ হাতত গুলীওৱাৰো নির্দেশ নাথাকে। যেতিয়ালৈকে এখন আপোচবিহীন তথা শক্তিশালী চৰকাৰ নাথাকে, তেতিয়ালৈকে এনেধৰণৰ বেদখল ৰোধ কৰা সম্ভৱ নহয়। এইক্ষেত্রত মুখ্যমন্ত্রী বন বিভাগৰ এগৰাকী ডিএফঅ’ চুলেমান চৌধুৰীৰ কৰ্মকাণ্ডক উল্লেখ কৰি কয়- এইজন ডিএফঅ’ৱে গোৱালপাৰা বনাঞ্চলত মানুহ আনি বহুৱাইছিল আৰু এইজন অৱসৰপ্ৰাপ্ত বন বিষয়াই এতিয়া উচ্ছেদিত লোকৰ হৈ ওকালতি কৰে। এইজন বিষয়াৰ বাবেই গোৱালপাৰা বনাঞ্চলত বহু লোকে বেদখল কৰাৰ সুবিধা পালে। যিজন লোকে বন সুৰক্ষাৰ শপত লৈ দায়িত্ব পালন কৰিব লাগে, সেইজন লোকেই বনভূমি বেদখলত উৎসাহ যোগাইছিল। গতিকে এইক্ষেত্রত শক্তিশালী চৰকাৰ, শক্তিশালী মুখ্যমন্ত্ৰীৰ প্ৰয়োজন। বহু সময়ত চৰকাৰক বিভিন্ন সমালোচনাৰে ডি-ম’ৰেলাইজ কৰে বহুতে। যদি চৰকাৰ ডি-ম’ৰেলাইজ হৈ যায়, তেন্তে এনেধৰণৰ আগ্রাসন ৰুধিব নোৱাৰে। যেতিয়া গুণগুণ চেতিয়াৰ ভিডিঅ’ ওলাব, সমালোচনা চলিব, তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে মই যি কৰিছোঁ অসমৰ ভালৰ কাৰণে কৰিছোঁ, সফলতাটো তেতিয়াহে আহিব। লখিমপুৰৰ উচ্ছেদিত ১৩ ঘৰ খিলঞ্জীয়া লোকক পট্টা দিয়াৰ পাছত বিষয়টোত আপত্তি নোহোৱা হৈ গ’ল। গুণগুণ চেতিয়াৰ কঠীয়া শেষ কৰি দিয়া বুলি সমালোচনা চলিছিল, কিন্তু সেই কঠীয়া কাৰ আছিল? দক্ষিণ শালমাৰাৰ পৰা যোৱা বেদখলকাৰীয়ে তাত কঠীয়া ৰুইছিল। এই কথাখিনি সাহসেৰে ক’ব পৰা মুখ্যমন্ত্ৰী এজন লাগিব। মুখ্যমন্ত্রীয়ে কয়- আদানি-আম্বানিক ভূমি দিব বুলি যি সমালোচনা-চর্চা চলিছে, তাৰ বিপৰীতে আমাৰ গঁড়কেইটা আম্বানি, হাতীকেইটা আদানি। এইক্ষেত্রত জাতীয়তাবাদী নেতায়ো সমালোচনা কৰি আছে। লুৰিণজ্যোতি গগৈৰ দৰে নেতাই বেদখলকাৰীৰ পক্ষত থিয় হৈছে। এই চৰকাৰে অসমৰ কাৰণে কৰিছে। বেদখলকাৰীৰ সপক্ষে থিয় হৈ বক্তব্য প্ৰদান কৰা লোকসকলৰো কথা বিশ্বাস কৰা বহু লোক আছে। এনেবোৰ সমালোচনাৰ বিপৰীতে থিয় হৈ থাকিবলৈ যথেষ্ট শক্তিশালী মুখ্যমন্ত্ৰীৰ প্ৰয়োজন। ইফালে বিহাৰৰ নিৰ্বাচনৰ প্ৰাক্ষণত দেশজুৰি ভোটাৰ তালিকা সংশোধনৰ যি প্ৰস্তাৱ উত্থাপন হৈছে, সেই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়- অসমৰ সমস্যা আন কোনো ৰাজ্যত হৈ থকা ঘটনাৰ জৰিয়তে সমাধান কৰিব নোৱাৰি। ইয়াত আমাৰ নিজৰ সমাধান লাগিব। এইক্ষেত্রত মুখ্যমন্ত্রীয়ে ইয়াকো কয় যে ধুবুৰী আৰু হাইলাকান্দিৰ দৰে জিলাত কোনোধৰণৰ মেকানিজম নাই। এগৰাকী অংগনৱাড়ী কর্মী অথবা গাঁও পঞ্চায়তৰ সচিবে এনআৰচি প্ৰস্তুত কৰাৰ সময়ত তেওঁৰ নিজৰ গাঁৱৰ সম্পর্কীয় লোকক কেতিয়াও বিদেশী বুলি চিহ্নিত নকৰে। আনকি তাত আন জিলাৰ পৰা বিষয়া-কৰ্মচাৰী দিলেও তেওঁলোকে এমাহৰ ভিতৰতে বদলি বিচাৰে। গতিকে অসমৰ সমস্যা কোনো বেলেগ ৰাজ্যৰ সমস্যাৰ লগত ৰিজাব নোৱাৰি। ইয়াত যুঁজি থাকিলেহে সমস্যা সমাধান হ’ব।