অসমীয়াৰ অস্তিত্ব বিপন্ন কৰি চলিছে লেণ্ড জেহাদঃমুখ্যমন্ত্ৰী

অসমীয়াৰ অস্তিত্ব বিপন্ন কৰি চলিছে লেণ্ড জেহাদঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা– অসম আৰু অসমীয়া জাতিক নিঃশেষ কৰি দিয়াৰ এক ভয়ংকৰ ষড়যন্ত্র চলিছে। লেণ্ড জেহাদৰ জৰিয়তে খিলঞ্জীয়াৰ আধিপত্য থকা সমষ্টিত এতিয়া চলিছে ব্যাপক আগ্রাসন। এই বিস্ফোৰক তথ্য সদৰী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। শেহতীয়াকৈ উচ্ছেদক লৈ চলি থকা নানা বিতর্ক আৰু প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট মন্তব্য-অসমীয়া মানুহ বা ভাৰতীয় মানুহে যদি এতিয়াই সজাগ নহয়, তেন্তে ১৫-২০ বছৰ পাছত অসম বুলি একোৱেই নাথাকিব আৰু এয়াই সত্যত পৰিণত হ’বলৈ গৈ আছে।  দিছপুৰ লোকসেৱা ভৱনত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই উচ্ছেদক লৈ পোহৰলৈ অহা কেইবাটাও তথ্য দাঙি ধৰি কয়-উজনি অসমৰ জনগাঁথনি এই বেদখলৰ পৰাই সলনি হোৱাৰ উপক্ৰম হৈছে। বুঢ়া চাপৰিত একোজন লোকে ১০০-১৫০ বিঘা মাটি দখল কৰি আছিল। কিন্তু এই লোকসকলকে ভূমিহীন বুলি ক’ব খোজে একাংশই। এইসকল লোক ভূমিহীন নহয়, জমিদাৰৰ তাত আছিল। তেওঁ কয়- লখিমপুৰত শেহতীয়াকৈ চলোৱা উচ্ছেদক লৈ একাংশ বিৰোধী ৰাজনৈতিক দলে এগৰাকী যুৱতীৰ এক ভিডিঅ’ক লৈ যথেষ্ট হুলস্থূল কৰা পৰিলক্ষিত হৈছিল। কিন্তু ইয়াৰ আঁৰত আছিল অবৈধ দখলকাৰীৰ আগ্রাসন। লখিমপুৰত চলোৱা উচ্ছেদত স্পষ্ট হৈছিল যে বৰপেটাৰ পৰা ৭৪টা পৰিয়াল, নগাঁৱৰ পৰা ৬৩টা পৰিয়াল, গোৱালপাৰাৰ পৰা ৭টা পৰিয়াল, কাছাৰৰ পৰা ২টা পৰিয়াল আৰু দক্ষিণ শালমাৰা-মানকাচৰৰ পৰা দুটা পৰিয়ালে গৈ উক্ত অঞ্চলৰ ভূমি দখল কৰি আছিল। দক্ষিণ শালমাৰাৰ পৰা লখিমপুৰলৈ এক দীঘলীয়া দূৰত্ব অতিক্ৰম কৰি এই পৰিয়ালসমূহ কিয় তালৈ গৈছিল? ইয়াৰ আঁৰৰ উদ্দেশ্য কি বা তেওঁলোকক কোনে তাত বহুৱাইছিল? মুখ্যমন্ত্রীয়ে কয়- তেওঁলোকে ভূমিহীন বুলি দাবী কৰি অহাৰ বিপৰীতে উচ্ছেদিত হোৱা লোকসকলৰ গৃহ জিলাসমূহত আছে ভূমি। এই তথ্যও পোহৰলৈ আহিছে। এই লোকসকলে বৰপেটা, দক্ষিণ শালমাৰা, নগাঁৱৰ পৰা গৈ লখিমপুৰ চহৰত ভূমি দখল কৰি এখন গাঁৱৰ সৃষ্টি কৰিছিল। লখিমপুৰত উচ্ছেদৰ সময়ত ১৩গৰাকী খিলঞ্জীয়া লোক উচ্ছেদিত হোৱা বুলি যথেষ্ট বিতৰ্কৰ সৃষ্টি হোৱাৰ বিপৰীতে কিন্তু দক্ষিণ শালমাৰা, বৰপেটা, নগাঁও আদিৰ পৰা যোৱা লোকসকলৰ ক্ষেত্ৰত কিন্তু কোনো চর্চা নহ’ল। তদুপৰি লখিমপুৰৰ জনগাঁথনি পৰিৱৰ্তনৰ যি এক ষড়যন্ত্র হৈছিল, তাক চৰকাৰে ব্যৰ্থ কৰিব পাৰিলে সেই বিষয়ে কিন্তু বহু লোকে আলোচনা কৰিব নিবিচাৰে। অকল লখিমপুৰেই নহয়, পোভা লামডিং সংৰক্ষিত বনাঞ্চল বা গোৱালপাৰাৰ পাইকানেই হওক, এই অঞ্চলসমূহত কেৱল বনাঞ্চল ধ্বংস কৰাটোৱেই উদ্দেশ্য নাছিল, এই লোকসকলৰ উদ্দেশ্য আছিল- উক্ত অঞ্চলৰ জনগাঁথনি সলনি কৰা। বিগত দীর্ঘসময়ৰ পৰা পৰিলক্ষিত হৈ আহিছে যে নামনি অসমৰ খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হৈ আহিছে। উচ্ছেদিত এই লোকসকল চৰকাৰী ভূমি অথবা বনাঞ্চলৰ ভূমি দখল কৰি আহিছে। গোৱালপাৰাই নহয়, নগাঁও, মৰিগাঁৱৰ পৰা যোৱা বহু লোকে এতিয়া ভিজিআৰ-পিজিআৰৰ ভূমি অথবা বনাঞ্চলৰ ভূমি দখল কৰি দীৰ্ঘ সময়ৰ পৰা বহি আছে। এই বিষয়টো যদি বহু আগৰে পৰা দৃষ্টি দিয়া হ’লহেঁতেন, তেন্তে এনে ষড়যন্ত্ৰ ৰোধ কৰিব পৰা গ’লহেঁতেন। পৰিস্থিতিয়ে এনে পর্যায় পাইছে গৈ যে এনে আগ্রাসনৰ বাবে মধ্য অসম আৰু নামনি অসমত খিলঞ্জীয়া লোক সংখ্যালঘুত পৰিণত হৈছে। এয়া লেণ্ড জেহাদেই নহয়, অসমক সম্পূর্ণৰূপে নিশ্চিহ্ন কৰি দিয়াৰ এক ষড়যন্ত্র। শেহতীয়াকৈ সৰুপথাৰত হোৱা আগ্ৰাসনৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়- বিগত এবছৰৰ পৰা ধিং আৰু লাহৰীঘাটৰ বহু লোক সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাটলৈ গৈ বনাঞ্চল ধ্বংস কৰি আছে। আনকি এই লোকসকলক উদ্দেশ্যি ধিং আৰু উৰিয়ামঘাটৰ মাজত নিতৌ দুখনকৈ নৈশ বাছ চলাচল কৰে। এইবাৰ উজনি অসমৰ জনগাঁথনি পৰিৱৰ্তনৰ লক্ষ্যৰে এটা প্রচেষ্টা আৰম্ভ হৈছে। উৰিয়ামঘাটৰ লগতে নেঘেৰিবিলতো আৰম্ভ হৈছে বেদখল। যদি এই বেদখলকাৰীয়ে গোলাঘাট জিলাত সোমাব পাৰে, তাৰ পৰৱৰ্তী লক্ষ্য হ’ব তিতাবৰ। উৰিয়ামঘাটৰ গাতে লাগি আছে গোলাঘাট। গোলাঘাটৰ গাত লাগি আছে তিতাবৰ, তিতাবৰৰ গাত লাগি আছে মৰিয়ণি-যোৰহাট। অর্থাৎ আগন্তুক ১৫-২০ বছৰত যদি অসমীয়া মানুহে এই আগ্রাসনক বাধা নিদিয়ে, আমাৰ সকলো বনাঞ্চল বেদখল হ’ব, বনাঞ্চল নোহোৱা হৈ পৰিব আৰু জনগাঁথনিৰ পৰিৱৰ্তন হ’ব। মুখ্যমন্ত্রীয়ে এই বিষয়টো বিস্তৃতভাৱে দাঙি ধৰি পুনৰ কয়- দক্ষিণ শালমাৰাৰ পৰা এজন লোক ৩০-৫০ কিলোমিটাৰ দূৰত্বত থকা পশ্চিমবংগলৈ যাব পাৰে, কিন্তু তেওঁলোক ৪০০ কিলোমিটাৰৰ অধিক দূৰত্বত থকা লখিমপুৰলৈ কি গৈছে? লখিমপুৰৰ ভোটাৰ তালিকাখন লক্ষ্য কৰিলে দেখা যাব ১৫ বছৰত জিলাখনৰ জনগাঁথনি কিদৰে পৰিৱৰ্তন হৈছে। কংগ্ৰেছ দলৰ লখিমপুৰত ভোট বৃদ্ধি হোৱাৰ আঁৰত আছে এই জনগাঁথনিৰ পৰিৱৰ্তন। উৰিয়ামঘাটৰ বেদখলক লৈ তাৰ স্থানীয় লোক যথেষ্ট উদ্বিগ্ন। যিসময়ত গুৱাহাটীত তথাকথিত বুদ্ধিজীৱীসকলে উচ্ছেদক লৈ প্রতিবাদ কৰে, তেনে সময়ত কিন্তু উৰিয়ামঘাটৰ স্থানীয় লোকে উচ্ছেদৰ অনুৰোধ জনাই মোক স্মাৰক-পত্ৰ দিছে। গুৱাহাটীত বহি থাকি ভূমি বেদখলৰ ভয়াৱহতা কোনেও উপলব্ধি কৰিব নোৱাৰে। বুঢ়া চাপৰিৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্রীয়ে কয়-বুঢ়া চাপৰিত একো একোজন লোকে ডেৰশ বিঘাকৈ মাটি দখল কৰি জমিদাৰৰ দৰে তাত আছিল। তেওঁলোক ভূমিহীন নহয়, জমিদাৰৰ দৰে তাত বিভিন্ন ধৰণৰ খেতি কৰিছিল। এই বুঢ়া চাপৰিতে এসময়ত এটা দিনতে ১০টা গঁড় নিধন হৈছিল। এনে বেদখলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ স্পষ্ট সকীয়নি- কোনো কাৰণতেই এইক্ষেত্রত আপোচ নহ’ব। বনাঞ্চল বেদখল ৰোধৰ এয়া প্ৰাৰম্ভিক পদক্ষেপহে। আগলৈ বহু কৰণীয় আছে চৰকাৰৰ। কিন্তু ইয়াৰ বাবে চৰকাৰে এটা স্থিতিত থাকিব লাগিব। বিভিন্ন সময়ত, বিভিন্ন ধৰণে চৰকাৰক এই স্থিতিৰ পৰা লৰাবলৈ চেষ্টা কৰি থকা হৈছে। আনকি সামাজিক মাধ্যমৰ জৰিয়তে মোক বিদেশী ৰাষ্ট্ৰৰ পৰাও সকীয়নি দিয়া হৈছে। লখিমপুৰৰ এগৰাকী যুৱতীৰ এক ভিডিঅ’ক লৈ যি চর্চা হৈছিল, তেনে অৱস্থাত আন মুখ্যমন্ত্রী হোৱাহেঁতেন এই উচ্ছেদ বন্ধ কৰি দিলেহেঁতেন। কিন্তু মই জানো, এই চৰকাৰে কি কৰি আছে বা আচল সত্যটো কি। ইফালে বিৰোধীয়ে উচ্ছেদিত ভূমি পুঁজিপতিক হস্তান্তৰৰ বাবে এইদৰে অভিযান আৰম্ভ কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়- সেই উচ্ছেদৰ লগত আদানি-আম্বানিৰ কি সম্পর্ক? লামডিং সংৰক্ষিত বনাঞ্চলত ক’ত আদানি-আম্বানিক ভূমি দিয়া হ’ব? তাত থকা হাতীটোৰ নাম আদানি, গঁড়টোৰ নাম আম্বানি হ’ব লাগিব। কার্বি আংলঙত পুঁজিপতিক ভূমি দিয়া বুলিও সমালোচনা উঠিছে। কিন্তু এই ভূমিখিনি কোনে দখল কৰি আছে? এই দখল ৰোধ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে চৰকাৰক অনুৰোধ জনাইছে যাতে উক্ত ভূমিখণ্ডত এক প্রকল্প হওক। নহ’লে এই ভূমি পৰিষদৰ হাতৰ পৰা ওলাই যাব। এই সমগ্র প্রক্রিয়া জাতি-মাটি-ভেটি ৰক্ষাৰ এক প্রয়াস। অসমীয়াই যদি এতিয়াই সজাগ নহয়, তেনেহ’লে ১৫-২০ বছৰ পাছত অসম বুলি একো নাথাকিব। এই সংবাদ মেলত মুখ্যমন্ত্রীয়ে কয় যে উজনি অসমত জনগাঁথনিৰ সলনিৰ এই ভয়াৱহতাক এনআৰচি অথবা ভোটাৰ তালিকাৰ পুনৰীক্ষণে ৰখাব নোৱাৰে। কিয়নো যিসকল লোকে আগ্ৰাসনৰ চেষ্টা চলাই আছে, তেওঁলোক অন্য এখন জিলাৰ বাসিন্দা। এটা ধৰ্মৰেই লোকসকলে ইতিমধ্যে এনআৰচিতো নাম অন্তর্ভুক্ত কৰিছে। এখন জিলাৰ ভোটাৰ তালিকাত নাম থকাৰ পাছতো বেদখলকাৰীৰ ৰূপত আন এখন জিলাত সোমাই ভোটাৰ তালিকাত নাম সোমাইছে। সেয়েহে জনগাঁথনি সলনিৰ ক্ষেত্ৰত এনআৰচি বা ভোটাৰ তালিকা পুনৰীক্ষণেৰে ৰখাব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে ইয়াকো উল্লেখ কৰে যে ইতিমধ্যে যিসকল লোকক উচ্ছেদ কৰা হৈছে, জিলা আয়ুক্তসকলক উচ্ছেদিত লোককসকলক জিলাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে  আৰু এই কাম আৰম্ভ হৈছে।