১৮ দিনৰ অন্ততআইএছএছৰ পৰা পৃথিৱী পালেহি মহাকাশচাৰী শুভাংশু শুক্লা
ৰঙিলী বাৰ্ত্তাসেৱা- ইতিহাস ৰচি আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিল ভাৰতীয় মহাকাশচাৰী গ্রুপ কেপ্টেইন শুভাংশু শুক্লা। ১৮ দিন আন্তর্জাতিক মহাকাশ কেন্দ্র, চমুকৈ আইএছএছত বাহৰ পাতি ৬০তকৈও অধিক গৱেষণা আৰু অধ্যয়ন চলাই আইএছএছৰ পৰা ড্ৰেগন কেপছুলযোগে পৃথিৱীলৈ যাত্রা আৰম্ভ কৰাৰ অন্তত ২২.৫ ঘণ্টাৰ মূৰত পৃথিৱী স্পর্শ কৰিলে গ্রুপ কেপ্টেইন শুক্লাসহ ৪ মহাকাশচাৰী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্নিয়া উপকূলৰ ছান ডিয়েগোত দিনৰ ৩ বজাত স্পেচ এক্সৰ ড্ৰেগন কেপছুল নিৰাপদে নমাৰ পাছতে পর্যায়ক্রমে মহাকাশচাৰীগৰাকীক উলিয়াই অনা হয়। আইএছএছত বাহৰ পতা প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী গ্রুপ কেপ্টেইন শুক্লাই সুকলমে পৃথিৱীত ভৰি দিয়াৰ লগে লগে ইতিহাসৰো সৃষ্টি হয়। ভাৰতীয় বায়ুসেনা বাহিনীৰ পাইলট তথা গ্রুপ কেপ্টেইন শুভাংশু শুক্লাই অ’ক্সিয়ন-৪ অভিযানত আন তিনি মহাকাশচাৰীৰে আইএছএছলৈ গৈ তাতে ১৮ দিন কটাই উভতি আহে। ব্যক্তিগত কোম্পানীৰ মহাকাশ অভিযানত প্ৰথমবাৰৰ বাবে ভাৰতে অংশ লৈ দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী প্ৰেৰণ কৰে। ইছৰোৰ বহু প্রত্যাশিত মানৱসহিত গগনযান অভিযানৰ প্ৰস্তুতি হিচাপে আইএছএছলৈ মহাকাশচাৰী পঠিয়াই সুকলমে উভতি অহাৰ পাছত দেশৰ মানৱসহিত মহাকাশ অভিযান এখোপ আগুৱাই গ’ল। মহাকাশত প্রায় ৪৩৩ ঘণ্টা, ১৮ দিন আৰু ২৮৮ বাৰ পৃথিৱী প্রদক্ষিণ কৰি এএক্স-৪ অভিযান সামৰণি পেলাই পৃথিৱীলৈ উভতি অহা গ্রুপ কেপ্টেইন শুক্লাক ঐতিহাসিক আখ্যা দি উল্লসিত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ড্রেগন কেপছুলৰ পৰা হাঁহিমুখে ওলাই অহা গ্রুপ কেপ্টেইন শুক্লাক পোনপটীয়া প্ৰচাৰত প্ৰত্যক্ষ কৰি শুক্লাৰ পিতৃ-মাতৃ গৌৰৱ আৰু আনন্দত চকুলো ঢোকে। অক্সিয়ম-৪ অভিযানত ভাৰতীয় শুক্লাৰ লগতে আমেৰিকাৰ মহাকাশ পেগী হুইটছন, পোলেণ্ডৰ অভিযান বিশেষজ্ঞ শ্লাৱজ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টাইবাৰ কাপুও আইএছএছলৈ গৈছিল। ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ বাবে ঐতিহাসিক সফলতা এই অক্সিয়ন-৪ অভিযান অভিযান। মহাকাশত ১৮দিন কটাই পৃথিৱীলৈ উভতি অহা গ্রুপ কেপ্টেইন শুক্লাক ৭ দিনৰ বাবে চিকিৎসা পুনৰ সংস্থাপনত ৰাখিব। ইয়াৰ পাছতহে মহাকাশচাৰী শুক্লাৰ ৰাজহুৱা জীৱন আৰম্ভ হ’ব। ইপিনে শুভাংশু শুক্লা নিৰাপদে উভতি অহাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মহাকাশচাৰীগৰাকীক আদৰণি জনাই কয় যে মহাকাশচাৰী শুক্লাৰ ঐতিহাসিক আইএছএছ ভ্রমণে ভাৰতৰ গগনযান অভিযান এখোপ আগুৱাই গ’ল। উল্লেখ্য যে মহাকাশ কেন্দ্ৰত বাহৰ পাতি গৱেষণা চলোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী গ্রুপ কেপ্টেইন শুক্লা। অৱশ্যে তেওঁ দ্বিতীয় ভাৰতীয় মহাকাশচাৰী। কিয়নো ১৯৮৪ চনত ৰাছিয়াৰ অভিযানত উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাই প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী হিচাপে ইতিহাস গঢ়িছিল।