আধুনিক প্ৰযুক্তি বিদ্যা : AI আৰু ইয়াৰ লাভ-লোকচান
নাচিমা য়াচমিন
বিশ্বনাথ চাৰিআলি
বিশ্বৰ ইতিহাসত প্ৰতিটো যুগে নিজ নিজ বৈশিষ্ট্য লৈ আগবাঢ়িছে — কোনো এটা যদি যুগ কৃষি বিপ্লৱৰ, আন এটা শিল্প বিপ্লৱৰ, আৰু আজিৰ এই যুগ — প্ৰযুক্তি বিপ্লৱৰ যুগ। এই যুগত মানুহে নিজৰ মগজুৰ জোৰেৰে এনে এক সৃষ্টিৰে বিশ্বক চমকিত কৰিছে যাৰ নাম কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence বা AI)। কেতিয়াবা সপোন বুলি ভবা —কথাবতৰাৰ যন্ত্ৰ, জীৱন্ত শিক্ষকৰ দৰে কম্পিউটাৰ, মন পঢ়া যন্ত্ৰ আদি আজিৰ দিনত বাস্তৱ হৈ পৰিছে।
আচলতে এই AI মানেনো কি ? — ই এনে এক যন্ত্ৰ বা প্ৰণালী, যিয়ে মানুহৰ দৰে চিন্তা কৰিব পাৰে, অভিজ্ঞতা অৰ্জন কৰি সিদ্ধান্ত ল’ব পাৰে, আৰু নিজে নিজে শিকি নিজৰ পাৰদর্শিতা উন্নত কৰিব পাৰে। ইয়াক সহজ ভাষাত ক’বলৈ গ’লে — “ ই হ’ল যন্ত্ৰত মানুহৰ দৰে বুদ্ধি প্ৰৱাহিত কৰা এক প্ৰযুক্তি।”
আজিৰ দিনত প্ৰত্যেকৰে বাবে খুবেই পৰিচিত Siri, Alexa, ChatGPT ,Google Maps, Netflix, YouTube —এইবোৰ সকলো AI-ৰ অৱদান।
কিন্তু এই অভূতপূৰ্ব বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ লাভ আৰু লোকচান দুয়ো চিনাক্ত কৰি সঠিক ভাৱে ব্যৱহাৰ কৰাটো অতিকৈ প্ৰয়োজনীয়। কিয়নো আজি কালি ইয়াৰ ব্যৱহাৰ ইমানেই সহজলভ্য হৈ পৰিছে যে কিছুমান মানুহৰ দ্বাৰা ই বিপথে পৰিচালিত হোৱাৰো বহু উদাহৰণ পৰিলক্ষিত হৈছে।
যিকোনো বস্তুৰে সদায় দুটাকৈ দিশ থাকে। এটা ভাল আনটো বেয়া। যদি লাভ থাকে লোকচানো নিশ্চয় থাকিব। প্ৰথমতে AI-ৰ লাভ বা সুবিধাসমূহৰ বিষয়ে আলোচনা কৰোঁহক।
১) দ্ৰুত আৰু নিখুঁত কাৰ্য্য:AI যন্ত্ৰই লক্ষ- লক্ষ তথ্য একেই সময়ত বিশ্লেষণ কৰি নিখুঁত সিদ্ধান্ত দিব পাৰে। যাৰ ফলত কামৰ গুণগত মান বৃদ্ধি পায় আৰু ভুলৰ সম্ভাৱনা হ্ৰাস পায়।
২) শ্ৰমিকৰ পৰিশ্ৰম হ্ৰাস: কঠিনতকৈ কঠিন কাৰ্য্যবোৰ AI -ৰবটে অতি সহজে কৰিব পাৰে, যাৰ ফলত মানুহে অধিক সৃজনশীল কামত মনোনিৱেশ কৰিব পাৰে। লগতে শাৰীৰিক পৰিশ্ৰম হ্ৰাস পায়।
৩) স্বাস্থ্য- সেৱাৰ উন্নতি: AI-ৰ সহায়ত ৰোগীৰ বিভিন্ন ৰোগসমূহ আগতীয়াকৈ চিনাক্তকৰণ, ৰোগীৰ মনিটৰিং, ডিজিটেল চিকিৎসা, আৰু ৰবটিক ছাৰ্জাৰী সম্ভৱ হৈছে। যাৰ ফলত স্বাস্থ্য সেৱাৰ উন্নতি সাধন হৈছে।
৪) শিক্ষাৰ ক্ষেত্ৰত সহায়: AI-ভিত্তিক এপ্লিকেশ্যনে ছাত্ৰ-ছাত্ৰীৰ ৰুচি আৰু জ্ঞানৰ পৰ্যায় অনুসৰি ব্যক্তিগতভাৱে সহায় কৰে।
৫) ব্যৱসা-বাণিজ্যত উন্নয়ন: ডাটা বিশ্লেষণ, গ্ৰাহক আচৰণৰ অধ্যয়ন, বিপণনৰ কৌশল আদিৰ ক্ষেত্ৰত AI এক বিপ্লৱ আনিছে।
৬. দৈনন্দিন জীৱন সহজ কৰা: বস্তু অনলাইনত ক্ৰয়-বিক্ৰয়, স্মাৰ্ট ফোনেৰে গৃহ-নিৰ্বাহ, ভ্ৰমণ-সহায়, স্বয়ংক্ৰিয় অনুবাদ—এই সকলো AI ৰ অৱদান।
লাভৰ লগতে AI-ৰ লোকচান বা অসুবিধাও কিছুমান নথকা নহয়। তাৰে ভিতৰত কিছুমান উল্লেখ কৰা হ’ল:
১) চাকৰি হেৰুওৱাৰ আশংকা: AI -যন্ত্ৰই যেতিয়া মানুহৰ ঠাইত কাম কৰিবলৈ লয়, তেতিয়া বহু মানুহে নিজৰ কৰ্মসংস্থান হেৰুৱাবলৈ বাধ্য হয়।বিশেষকৈ সাধাৰণ দক্ষতাৰ কামত। এটা যন্ত্ৰই কেইবাজনো মানু্হৰ কাম অতি কম সময়তেই কৰি সমাপ্ত কৰিবলৈ সক্ষম হয়।
২) অতি নিৰ্ভৰশীলতা: মানুহে নিজৰ চিন্তাশক্তি আৰু সৃজনশীলতা এৰাই AI-ৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে, যি আগলৈ আহি সামাজিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।
৩) গোপনীয়তা আৰু ডাটা সংকট: AI-ভিত্তিক চিষ্টেমে ডাটা সংগ্ৰহ কৰে। এই ডাটা যদি অপব্যৱহাৰ হয়, তেন্তে ব্যক্তিগত গোপনীয়তা ধ্বংস হ’ব পাৰে। কিছুমান অসৎ লোকে এই আধুনিক প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি ব্যক্তিগত প্ৰতিশোধ লোৱাৰ ঘটনাও আজিৰ দিনত খুবেই পৰিচিত। AI – এটা যন্ত্ৰ, ইয়াক যিদৰে চালিত কৰা হয় ই তাকেই কৰি যায়। AI ৰ সহায়ত বৰ্তমান ফেচ মৰ্ফ কৰি নানান কু- কৰ্ম কৰা ঘটনাও দেখা যায়।
৪) নৈতিকতা আৰু মানৱীয়তা হ্ৰাস: AI-এ মানু্হ এজনতকৈ অধিক চিন্তা কৰিব পাৰে, কিন্তু ই অনুভৱ কৰিব নোৱাৰে। ফলত মানুহৰ সৈতে এটি সংবেদনশীল সম্পর্ক গঢ়ি তোলাটো কঠিন।
৫) AI-ৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱ: যদি AI স্বয়ং শাসিত হৈ উঠে, তেন্তে ই ভবিষ্যতত মানুহৰ মাজত অভিশাপ হিচাপে দেখা দিব পাৰে। ই মানুহৰ নিয়ন্ত্ৰণত থাকিবলৈ এৰি দিলে নানান প্ৰকাৰৰ সমস্যাৰ উদ্ভৱ হ’ব পাৰে।
AI- হৈছে বৰ্তমান বিশ্বৰ অন্যতম বিস্ময়। ই যেন এক দু-মুখীয়া তৰোৱাল — সঠিকভাৱে ব্যৱহাৰ কৰিলে উন্নতিৰ শেষ নাই। কিন্তু ভুল পথত চালিত হ’ব দিলে ধ্বংস নিশ্চিত। সেয়েহে আজিৰ সমাজত প্ৰযুক্তি আৰু নৈতিকতাৰ সমন্বয়ৰ প্ৰয়োজন। কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ লগতে ইমানেই সচেতন হ’ব লাগিব — যন্ত্ৰই যাতে মানুহৰ স্থান নলয়, কিন্তু মানুহক সহায় কৰে তাৰ বাবে প্ৰত্যেকৰে বিবেকক সতৰ্ক কৰাটো নিতান্তই প্ৰয়োজনীয়।
“মানুহে যন্ত্ৰ সৃষ্টি কৰে সহায়ৰ বাবে, অধীনতা আৰু বিকল্পৰ বাবে নহয়।”