১৮দিন মহাকাশত থাকি পৃথিৱীলৈ উভতি আহিল মহাকাশচাৰী শুভাংশু শুক্লা

১৮দিন মহাকাশত থাকি পৃথিৱীলৈ উভতি আহিল মহাকাশচাৰী শুভাংশু শুক্লা

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতীক্ষাৰ অন্ত পৰিল। এক গৌৰৱৰ ক্ষণ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে। ১৮ দিন মহাকাশত থাকি সুকলমে পৃথিৱীত উপস্থিত হ’ল শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰী।  কেলিফর্নিয়াৰ সমুদ্ৰত লেণ্ডিং কৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰী অহা ড্রেগন কেপচুলে। বিয়লি প্রায় ৩ বজাৰ লগে লগে অৱতৰণ কৰে দলটোৱে। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ আৱেগিক হৈ পৰে শুভাংশু শুক্লাৰ পিতৃ-মাতৃ। লগতে এই আনন্দৰ মুহূৰ্ত কেক কাটি উদযাপন কৰে শুভাংশুৰ পিতৃ-মাতৃয়ে।

উল্লেখ্য যে ইতিহাস ৰচি প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী হিচাপে আন্তর্জাতিক মহাকাশ কেন্দ্রত ১৮ দিন  থাকি গুৰুত্বপূৰ্ণ গৱেষণা আৰু অধ্যয়ন চলোৱাৰ অন্তত কালি বিয়লি আইএছএছৰ পৰা পৃথিৱী অভিমুখে যাত্ৰা আৰম্ভ কৰে স্পেচএক্সৰ ড্ৰেগন মহাকাশ যানে। নিৰ্ধাৰিত সময়তে কালি বিয়লি গ্রুপ কেপ্টেইন শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীক লৈ ড্রেগন কেপছুল আইএছএছৰ পৰা বিচ্ছিন্ন হৈ পৃথিৱীলৈ যাত্রা আৰম্ভ কৰে। নাছাই প্ৰকাশ কৰা মতেই প্রায় ২২ ঘণ্টাৰ মূৰকত আজি মহাকাশচাৰীসহ ড্ৰেগন কেপছুল কেলিফ’ৰ্নিয়াৰ উপকূলত পৰে। ইয়াৰ পিছতেই মহাকাশচাৰীকেইগৰাকীক বিশেষ ব্যৱস্থাৰে পুনৰ সংস্থাপন কেন্দ্রলৈ নিয়া হয়। ভাৰতীয় মহাকাশচাৰী শুক্লাৰ লগত নাছা, পোলেণ্ড আৰু হাংগেৰীৰ এগৰাকীকৈ মহাকাশচাৰীয়েও এই অভিযান সামৰি আজি পৃথিৱীলৈ উভতি আহে। নাছাই প্ৰকাশ কৰা মতে, ড্রেগন যানত ৫৮০ পাউণ্ডৰ সামগ্রী পৃথিৱীলৈ লৈ অনা হ’ব। ইয়াতে নাছাৰ হাৰ্ডৱেৰ আৰু এএক্স-৪ অভিযানৰ ৬০তকৈ অধিক গৱেষণা পৰীক্ষাৰ ডাটা থাকিব।