আঁতৰি আহিলো
অৰ্ণৱ কটকী
জাঁজী যোৰহাট
যোগাযোগ বিহীন এখন পৃথিৱীত বাসস্থান মোৰ
নাযাও আৰু আপোনাৰ চলাহী কথাত ভোল
নাইবা আপোনাৰ সময় জীপাল কৰিবলৈ
হাবিয়াস নাই আপোনাৰ মন চিনাৰ।।
আঁতৰি আহিলো বহু দূৰ দূৰলৈ
আকৌ সজাম এক নতুন ৰূপত
আপোনাৰ স্নেহাশীষ মূৰতে লৈ
বিচাৰি নোপোৱা এখন পৃথিৱীৰ সেউজীয়া ছবি হৈ।
সপোনে পাখি মেলা মোৰ সপোন চহৰলৈ
একাকিত্ব সংগ সাৱটি ৰৈ যাম গোপনে ,
আপুনি বিচাৰি নোপোৱা এক নিৰ্জন দ্বীপত
আঁতৰি আহিলো আপোনাৰ চৌপাশৰ পৰা
আদৰ নথকা মদাৰ ফুলৰ সেই সমাজৰ খনৰ পৰা বহু যোজন দূৰৈত ।
কৃত্ৰিম মৰমৰ বেহু ভাঙি ওলাই আহিলো
বিশ্বাসহীন মানুহৰ বুকুৰ পৰা আঁতৰি ,
অকলে সজাম মই মোৰ পৃথিৱী
সকলোৰে পৰা আঁতৰি নীৰৱে সহি
তেজীমলা হৈ জীয়াম জীৱনৰ পদূলিত।।
