লৰ্ডছ টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ২২ ৰানত পৰাস্ত ভাৰত

লৰ্ডছ টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ২২ ৰানত পৰাস্ত ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা-  লৰ্ডছত অনুষ্ঠিত তৃতীয়খন টেষ্ট মেচত যুঁজ দিও হাৰিল টীম ইণ্ডিয়া। এণ্ডাৰছন-তেন্ডুলকাৰ ট্ৰফী পাঁচখনীয়া টেষ্ট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত ৰোমাঞ্চকৰ তৃতীয়খন টেষ্টত ২২ ৰানত পৰাস্ত হয় ভাৰতীয় ক্ৰিকেট দলটো ।  খেলখনৰ অন্তিম দিনা ৰবীন্দ্ৰ জাদেজা, বুমৰাহ আৰু ছিৰাজে মৰণপণ যুঁজ দিয়াৰ পিছতো ভাৰতীয় দলটোৱে জয়ৰ সোৱাদ নাপালে। অৱশ্যে অন্তিম সময়ত তুলনামূলকভাৱে জয় সহজ হৈ পৰা ইংৰাজ দলটোৰ বলাৰক ঢোকে ঢোকে পানী খুৱায় ভাৰতীয় দলটোৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই। লর্ডছ টেষ্টত বিজয় সাব্যস্ত কৰি ঘৰুৱা দল ইংলেণ্ডে শৃংখলাটোত ২-১ৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। ইংৰাজ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৯৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি চতুর্থ দিনৰ খেলৰ অন্তলৈকে ৫৮ ৰানত চাৰিটাকৈ উইকেট হেৰুৱাই বিপর্যয়ত পৰিছিল ভাৰতীয় দলটো। পঞ্চম তথা অন্তিম দিনা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতীয় দলটোৱে দলীয় স্ক’ৰত ১১২ ৰান সংযোগ কৰি বাকী ৬টা উইকেট হেৰুৱায়। টীম ইণ্ডিয়াই ১৭০ ৰানত দ্বিতীয় ইনিংছ সামৰিবলৈ বাধ্য হয়। আগদিনা ৩৩ ৰানত অপৰাজিত হৈ থকা লোকেশ ৰাহুলে পঞ্চম দিনা ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। ৩৯ ৰানত বিদায় লয় ৰাহুলে । ঋষভ পণ্টেও বিশেষ উন্নত বেটিং প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয়। তাৰকা উইকেটকীপাৰ-বেটাৰগৰাকীয়ে মাত্র ৯ ৰান কৰি পেভিলিয়নমুখী হয়। ৰবীন্দ্ৰ জাদেজাৰ বাহিৰে দলটোৰ বাকী বেটাৰসকলে ইংলেণ্ডৰ বলাৰৰ সন্মুখত ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। জাদেজাই বাকীসকল বেটাৰৰ পৰা যোগ্য সহযোগ নোপোৱাৰ বাবে টেষ্টখনত পৰাজয়ৰ গ্লানি সহিবলগীয়া হয় ভাৰতীয় দলটোৱে।  জাদেজাই  ১৮১টা বলত ৪টা চাৰি আৰু ১টা ছয়েৰে ৬১ ৰান কৰি অপৰাজিত হৈ থাকে। ৱাশ্বিংটন সুন্দৰে ০, নীতিশ কুমাৰে ১৩, বুমৰাহে ৫ আৰু চিৰাজে ৪ ৰান কৰে। ইংলেণ্ডৰ হৈ আৰ্চাৰ আৰু ষ্ট’কছ উভয়ে ৩টাকৈ, ব্রাইডনে ২টা, ৱ’কছ আৰু ছোৱাইব বছিৰে ১টাকৈ উইকেট লাভ কৰে। শৃংখলাৰ চতুৰ্থখন টেষ্ট ২৩ জুলাইৰ পৰা মানচেষ্টাৰত অনুষ্ঠিত হ’ব।