মহানগৰীৰ পাণ্ডুত স্বামীক হত্যা কৰি ঘৰতে পুতি থ’লে মৃতদেহ পত্নীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ পাণ্ডুৰ জয়মতী নগৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ ১৪ দিন পাছত এই চাঞ্চল্যকৰ হত্যাকাণ্ড পোহৰলৈ আহিছে। পাণ্ডুৰ জয়মতী নগৰত ৰহিমা খাতুন নামৰ মহিলাগৰাকীয়ে তেওঁৰ স্বামী ছবিয়াল ৰহমানক হত্যা কৰি চাৰি ফুট গাঁত খান্দি ঘৰৰ ভিতৰতে পুতি থোৱা মৃতদেহ ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে। আনহাতে, স্বামীহন্তা ৰহিমা খাতুনে জালুকবাৰী আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছে আৰু আৰক্ষীৰ জেৰাত এই হত্যকাণ্ড সন্দৰ্ভত চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়াত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত পশ্চিম আৰক্ষী জিলাৰ ডিচিপি পদ্মনাভ বৰুৱাই সদৰী কৰা অনুসৰি যোৱা ২৬ জুনৰ নিশা পাণ্ডুৰ জয়মতী নগৰৰ বাসগৃহত ৰহিমা খাতুনৰ সৈতে তেওঁৰ স্বামী ছবিয়াল ৰহমান কাজিয়াত লিপ্ত হয়। পতি-পত্নীৰ মাজত হোৱা কাজিয়াই পিছত ভয়ংকৰ ৰূপ ধাৰণ কৰে। পত্নীৰ প্ৰহাৰত স্বামী ছবিয়াল ৰহমানে মূৰত বেয়াকৈ আঘাত পোৱাৰ পাছত তেওঁৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পাছত মহিলাগৰাকীয়ে ঘৰৰ ভিতৰতে চাৰি ফুট গাঁত খান্দি ছবিয়াল ৰহমানৰ মৃতদেহ পুতি থৈ ধুবুৰীত আত্মগোপন কৰে। আনহাতে, ছবিয়াল ৰহমান সন্ধানহীন হোৱা সন্দৰ্ভত পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও সুদীর্ঘ ১৪ দিন পাছত আৰক্ষীয়ে তেওঁৰ সন্ধান উলিয়াব নোৱাৰাত পৰিয়ালৰ লোকৰ সন্দেহ ওপজে। মৃত ছবিয়ালৰ পৰিয়ালে ৰহিমা খাতুনৰ বিৰুদ্ধে স্বামীক হত্যা কৰাৰ অভিযোগ তুলি জালুকবাৰী আৰক্ষীৰ কাষ চপাত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি থকাৰ মাজতে হত্যাকাৰী ৰহিমা খাতুনে জালুকবাৰী আৰক্ষী চকীত আত্মসমর্পণ কৰাৰ উপৰি স্বামীক হত্যা কৰা সন্দৰ্ভত আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। পাছত জালুকবাৰী আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে দণ্ডাধীশৰ উপস্থিতিত জয়মতী নগৰৰ বাসগৃহৰ পৰা ছবিয়াল ৰহমানৰ মৃতদেহ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেরণ কৰে। কিন্তু আৰক্ষীৰ প্ৰাথমিক তদন্তত হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হোৱা নাই যদিও এই মহিলাগৰাকীৰ বিৰুদ্ধে ঘৰৰ ভিতৰতে নাৰীদেহ ব্যৱসায় চলোৱাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। পত্নীয়ে নিজ ঘৰৰ ভিতৰতে নাৰীদেহ ব্যৱসায় চলোৱাক লৈ প্ৰায়ে পতি-পত্নীৰ মাজত কাজিয়াৰ সূত্রপাত হৈছিল বুলি মৃতকৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে আৰু মহিলাগৰাকীৰ এই অসৎ কার্যত বাধা দিয়াৰ বাবেই তেওঁ স্বামী ছবিয়ালক হত্যা কৰি মৃতদেহ পুতি থোৱাৰ অভিযোগ উত্থাপন কৰে। আনহাতে ছবিয়াল ৰহমান আৰু পত্নীৰ জয়মতী নগৰত থকা এটুকুৰা মাটি অলপতে প্রায় ৩ লাখ টকাত বিক্ৰী কৰিছিল যদিও মাটি বিক্ৰী কৰি পোৱা ধন ছবিয়ালে পত্নীক নিদিয়াৰ বাবে দুয়োৰে মাজত বিগত সময়ছোৱাত সংঘাত চলি আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। অৱশ্যে আৰক্ষীয়ে স্বামীহন্তা মহিলাগৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰু শীঘ্ৰে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি মহানগৰ আৰক্ষীৰ এক সূত্ৰই সদৰী কৰে। কিন্তু নিশাৰ ভিতৰতে স্বামীক হত্যা কৰি ৪ ফুট গাঁত খান্দি ঘৰৰ ভিতৰত মৃতদেহ পুতি থোৱা ঘটনাৰ সৈতে আন কোনো লোক জড়িত আছে নেকি এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।