লৰ্ডছত ভাৰতীয় দলক ১৯৩ ৰানৰ লক্ষ্য বান্ধি দিছে ইংলেণ্ডে
ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল ইংলেণ্ডে লৰ্ডছত চলি থকা তৃতীয়খন টেষ্টত জয়ৰ বাবে ভাৰতীয় দলক ১৯৩ ৰানৰ লক্ষ্য বান্ধি দিছে। ইংৰাজ বাহিনীয়ে তৃতীয়দিনা কোনো উইকেট নেহেৰুওৱাকৈ কৰা ২ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি চতুৰ্থদিনা ভাৰতীয় দলটোৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। ৱাশ্চিংটন সুন্দৰৰ লগতে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ দুৰ্দান্ত বলিঙৰ সন্মুখত ইংলেণ্ডে মাত্র ১৯২ ৰানত দ্বিতীয় ইনিংছ সামৰিবলৈ বাধ্য হয়। আগদিনাৰ অপৰাজিত বেটাৰদ্বয় জেক ক্ৰ’লি আৰু বেন ডাকেটে ঘৰুৱা দলটোক সুন্দৰ আৰম্ভণি দিয়াত ব্যর্থ হয়। দলীয় স্ক’ৰ ২২ ৰানত ডাকেটৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায় ইংলেণ্ডে। ডাকেটে ১২ ৰান কৰি বিদায় লয়। ডাকেট আউট হোৱাৰ পিছতে ঘৰুৱা দলটোৱে বিপৰ্যয়ৰ সন্মুখীন হয় আৰু ইটোৰ পিছত সিটো উইকেট হেৰুৱাবলৈ ধৰে। জেক ক্র’লিয়ে ২২ ৰান কৰি বিদায় লয়। ইপিনে অ’লি প’পে মাত্র ৪ ৰানত পেভিলিয়নমুখী হয়। দলটোৰ হৈ জ’ ৰুটে সৰ্বাধিক ৪০ ৰানৰ অৱদান আগবঢ়ায়। অধিনায়ক বেন ষ্ট’কছে ৩৩ আৰু হেৰী ব্ৰুকে ২৩ ৰান কৰি বিদায় লয়। ৰুট আৰু অধিনায়ক ষ্ট’কছৰ মাজত পঞ্চম উইকেটত সৰ্বাধিক ৬৭ ৰান সংগ্ৰহ হয়। ইফালে জেমি স্মিথে মাত্র ৮ ৰান কৰি ৱাশ্চিংটন সুন্দৰৰ বলত ব’ল্ড আউট হয়। ক্রিছ ৱ’কছে ১০ ৰানৰ অৰিহণা আগবঢ়ায়। ভাৰতীয় দলটোৰ হৈ ৱাশ্চিংটন সুন্দৰে সর্বাধিক ৪টা উইকেট লাভ কৰাৰ লগতে যশপ্রীত বুমৰাহ আৰু মহম্মদ চিৰাজ উভয়ে দুটাকৈ তথা নীতিশ কুমাৰ ৰেড্ডী আৰু আকাশদীপ উভয়ে এটাকৈ উইকেট লাভ কৰে। ইপিনে ১৯৩ ৰানৰ জয়ৰ লক্ষ্যৰে ইনিংছ মুকলি কৰিবলৈ আহি আজি চতুর্থ দিনৰ বাতৰি যুগুতোৱা পৰলৈকে ভাৰতীয় দলটোৱে ১৪ অভাৰত দুটা উইকেট হেৰুৱাই ৪৭ৰান সংগ্ৰহ কৰিছে। সেই সময়ত অ’পেনাৰ লোকেশ ৰাহুলে ২৯ আৰু অধিনায়ক গিলে ২ ৰান কৰি খেলি আছে। অ’পেনাৰ যশস্বী জয়ছোৱালে কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে কৰুণ নায়াৰে ১৪ ৰান কৰি আউট হয়।