শুদ্ধচিন্তা গোটৰ দশম বাৰ্ষিক প্ৰীতি সন্মিলন উদযাপন

শুদ্ধচিন্তা গোটৰ দশম বাৰ্ষিক প্ৰীতি সন্মিলন উদযাপন

মৃদুস্মিতা শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৬ আৰু ৭ জুলাই তাৰিখে হোৱাটচ্এপ গোট শুদ্ধচিন্তাৰ দশম বাৰ্ষিক প্ৰীতি সন্মিলনখন যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত সফলতাৰে অনুষ্ঠিত হৈ যায়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সন্মিলনখনিৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাবেলা সদস্য সকলক আয়োজক সমিতিৰহৈ জ্যোতিমণি শইকীয়াই সৌহাৰ্দ্যমূলক চিনাকি পৰ্বৰে আদৰণি জনায়। তাৰ পাছত সকলোৱে কৃষি বিশ্ববিদ্যালয় চৌহদ পৰিদৰ্শন কৰি ইতিহাস প্ৰসিদ্ধ ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈ সেৱা জনায়গৈ। নিশালৈ গোটৰ চিন্তন বৈঠকৰ লগতে সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে। দ্বিতীয় দিনা পুৱা আলোচনা কক্ষৰ চৌহদত দেৱজিৎ ভৰালীয়ে এটি গছপুলি ৰোপণেৰে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। তাৰপিছত ৰুপল নাথদেৱৰ সভাপতিত্বত আৰম্ভ হোৱা বুলেটিন আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত গোটৰ সদস্যসকলৰ লেখাৰে সমৃদ্ধ এখন বুলেটিন আৰু প্ৰৱন্ধ সংকলন ‘শুদ্ধচিন্তাৰ জোনাকী বাটেৰে’ উন্মোচন কৰে ক্ৰমে মোলান চন্দ্ৰ লস্কৰ আৰু দ্বিজেন শৰ্মাই। উক্ত সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে গোটৰ জ্যেষ্ঠ সদস্যবৰ্গ ক্ৰমে দ্বিজেন্দ্ৰ নাথ শৰ্মা, জ্যোতিপ্ৰভা শইকীয়া দাস, কবিতা গগৈ বৰগোহাঁই আৰু গোটৰ আন এগৰাকী জ্যেষ্ঠ সদস্য মোলান চন্দ্ৰ লস্কৰদেৱে। সভাত সমবেত কণ্ঠত ৰাভা সংগীত পৰিৱেশন কৰে ক্ৰমে মনিকা শৰ্মা, ঐশ্বৰ্য্যা বৰবৰা, জ্যোতিমণি শইকীয়া, অংশুমালী ফুকন, জ্যোতিপ্ৰভা দাস আৰু কংকনা ৰাজখোৱাই। বিশিষ্ট অতিথিসকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় আৰু কুঞ্জ ফুকন দত্তই চিনাকি পৰ্বৰ আঁত ধৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোটৰ আন এজন সদস্য দেৱজিৎ ভৰালীয়ে । উদ্দেশ্য ব্যাখ্যাৰ পাছত গোটৰ বুলেটিন উন্মোচন কৰে জ্যেষ্ঠ সদস্য মোলান চন্দ্ৰ লস্কৰে। বুলেটিন আৰু শুদ্ধচিন্তাৰ জোনাকী বাটেৰে গ্ৰন্থখনিৰ সম্পাদনা জাহ্নুদেৱ কলিতাৰ। ইয়াৰ পিছতে কবিতা পাঠৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। কবিতা পাঠ কৰে ক্ৰমে দ্বিজেন্দ্ৰ নাথ শৰ্মা, মনালিছা শইকীয়া, মনিকা শৰ্মা, কুঞ্জ ফুকন দত্ত, ৰুপল নাথ, গুনেন্দ্ৰ ফুকন, অংশুমালী ফুকন, কংকনা ৰাজখোৱা, ৰাতুল শৰ্মা, ৰঞ্জন গোস্বামী, জ্যোতিমণি শইকীয়া আদিয়ে। অসমৰ ভিন্ন প্ৰান্তৰৰ সদস্য সকলৰ আগত যোৰহাটৰ ঐতিহ্য সম্পৰ্কে অংশুমালী ফুকনে বিশদ বিৱৰণ দাঙি ধৰে। আধুনিক গীত পৰিৱেশন কৰে সুগায়িকা জ্যোতিকা ডেকা আৰু শাশ্বতী প্ৰিয়দৰ্শিনীয়ে। লগতে এই বৰ্ষত কটন বিশ্ববিদ্যালয়ৰপৰা নৃতত্ত্ব বিভাগত শ্ৰেষ্ঠ স্নাতকোত্তৰ হোৱাৰ বাবে শাশ্বতী প্ৰিয়দৰ্শিনীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰপাছতে বহু প্ৰত্যাশিত প্ৰৱন্ধ সংকলন ‘শুদ্ধচিন্তাৰ জোনাকী বাটেৰে’ গ্ৰন্থখনিৰ উন্মোচন কৰে দ্বিজেন শৰ্মাদেৱে। দেৱজিৎ ভৰালীয়ে আঁত ধৰা অন্তৰংগ আলাপ আছিল অনুষ্ঠানটিৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী। অনিস্মিতা শৰ্মা, ঐশ্বৰ্যা বৰবৰা, উৎপল ভাগৱতী, দুলাল বৰুৱা, দীপ্তি ভৰালী, জ্যোতিকা ডেকা, কুসুম ডেকা আদিৰ লগতে আমন্ত্ৰিত অতিথি আৰু সদস্য সকলৰ মনৰ অনুভৱে অনুষ্ঠানটি জীপাল কৰি তোলে। জ্যোতিমণি শইকীয়া আৰু অংশুমালী ফুকনৰ আন্তৰিক আতিথ্য তথা পৃষ্ঠপোষকতাত কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা প্ৰীতি সন্মিলনখনি সভাপতিৰ মন্তব্যৰে সমাপ্তি ঘোষণা কৰা হয়। আয়োজক সমিতিৰ তৰফৰ পৰা সকলোকে একোটিকৈ গছপুলি, ডায়েৰী আৰু স্মাৰক প্ৰদান কৰা হয়। প্ৰীতি সন্মিলনৰ শেষত শলাগৰ শৰাই আগবঢ়াই জ্যোতিমণি শইকীয়াই।