প্ৰকাশন পৰিষদৰ গুৱাহাটী শিশু মহোৎসৱঃ চলচ্চিত্ৰ প্ৰদৰ্শন, কলা-সংস্কৃতিৰ কৰ্মশালাৰে মুখৰিত চানমাৰি বাকৰি
সফলতাৰ বাবে একাগ্ৰ সাধনাৰ প্ৰয়োজনঃ শিশু-চেমনীয়ালৈ এভাৰেষ্ট জয়ী তৰুণ শইকীয়াৰ পৰামৰ্শ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা গুৱাহাটী শিশু মহোৎসৱৰ তৃতীয় দিনাও ডেৰশতাধিক শিশু-চেমনীয়াই নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ পুৱা ১০ বজাৰ পৰা আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পীদ্বয় ৰাজীৱ কুমাৰ সাউদ, সুনম দেৱী, মূকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক, সুকুমাৰ কলাৰ কৰ্মশালাত শিল্পীদ্বয় দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, নৃত্য কৰ্মশালাত বিশিষ্ট নৃত্য পৰিচালক কমল নাথ, সহযোগী প্ৰিয়ংকা কাশ্যপ, সংগীত কৰ্মশালালাত শিল্পী ৰাজ আহমেদ, সহযোগী দীপক দাসে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে গুৱাহাটী শিশু মহোৎসৱত বিয়লি ৩ বজাৰ পৰা এখন শিশু উপযোগী চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয় ৷ চলচ্চিত্ৰখন হৈছে অনিলাভা চেটাৰ্জী পৰিচালিত ২২ মিনিট দৈৰ্ঘ্যৰ বাংলা ভাষাৰ ছবি“মেছি” ৷ গুৱাহাটী শিশু মহোৎসৱৰ আজিৰ চলচ্চিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰে এভাৰেষ্টজয়ী প্ৰখ্যাত পৰ্বতাৰোহী তৰুণ শইকীয়াই ৷ তেওঁ কয়—“কেৱল যে পৰ্বতাৰোহণ কৰাটোহে প্ৰত্যাহ্বানমূলক কাম , এনে নহয় ৷ মানুহৰ জীৱনলৈ যিকোনো মূহূৰ্ততে বিভিন্ন প্ৰত্যহ্বান আহিব পাৰে ৷ সকলোৱে প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু থাকিব লাগে ৷ শিশু অৱস্থাৰ পৰাই ল’ৰা-ছোৱালীবোৰক মানসিকভাৱে দৃঢ় আৰু বৌদ্ধিকভাৱে শক্তিশালী কৰি গঢ়ি তুলিবলৈ অভিভাৱকসকল যত্নপৰ হোৱা উচিত ৷ যিকোনো সফলতাৰ বাবে একাগ্ৰ সাধনাৰ প্ৰয়োজন ৷” গ্ৰন্থমেলা, চলচ্চিত্ৰ প্ৰদৰ্শন যোগাসনৰ প্ৰশিক্ষণ তথা কলা-সংস্কৃতিৰ কৰ্মশালা আয়োজনেৰে শিশু-চেমনীয়াক মানসিক উৎকৰ্ষ সাধনৰ পৰিৱেশ প্ৰদান কৰি প্ৰকাশন পৰিষদে দায়ৱদ্ধতাৰ নিদৰ্শন দাঙি ধৰা বুলি ভাষণত কয় শইকীয়াই ৷ চলচ্চিত্ৰ প্ৰদৰ্শনৰ পাছত বিয়লি ৪-৩০ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক কাৰ্যসূচী ৷ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া অৱনীৰঞ্জন পাঠকে ৷ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে কাহিলীপাৰা জাতীয় বিদ্যালয় আৰু কাহিলীপাৰাৰে নৰ্থ ইষ্ট পাব্লিক স্কুলে ৷ গুৱাহাটী শিশু মহোৎসৱৰ বকৰিত আজি প্ৰদান কৰিব সঁফুৰা বৃত্তি-২০২৫ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰি বাকৰিত অনুষ্ঠিত হৈ থকা গুৱাহাটী শিশু মহোৎসৱত কাইলৈ প্ৰদান কৰা হ’ব চলিত বৰ্ষৰ সঁফুৰা বৃত্তি ৷ অসম বুক হাইভৰ পৰা প্ৰকাশিত মান্য শিশু আলোচনী “সঁফুৰা”ৰ প্ৰকাশক ধীৰাজ গোস্বামীয়ে সদৰী কৰা অনুসৰি পুৱা ১০ বজাৰ আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট কথাশিল্পী কুল শইকীয়া, মনোজ কুমাৰ গোস্বামী, শিক্ষাবিদ ড° হিতেশ ডেকা, শিশু সাহিত্যিক বন্দিতা ফুকন, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, শিশু শিক্ষা সমিতিৰ সচিব জগন্নাথ ৰাজবংশী, সাংবাদিক-লেখক সঞ্জীৱ ফুকন আৰু দেৱজিৎ ভূঞাই ৷ গুৱাহাটী শিশু মহোৎসৱৰ অস্থায়ী প্ৰেক্ষাগৃহত এই বৃত্তি প্ৰদান সভাখন অনুষ্ঠিত হ’ব ৷
