প্ৰকাশন পৰিষদৰ গুৱাহাটী শিশু মহোৎসৱঃ শিশু উপযোগী ৰাছিয়ান-ভাৰতীয় চুটি চলচ্চিত্ৰ প্ৰদৰ্শন

প্ৰকাশন পৰিষদৰ গুৱাহাটী শিশু মহোৎসৱঃ শিশু উপযোগী ৰাছিয়ান-ভাৰতীয় চুটি চলচ্চিত্ৰ প্ৰদৰ্শন
নৃত্য-মূকাভিনয়-নাট কৰ্মশালাত কমল নাথ, মইনুল হক, ৰবিজিতা গগৈঃ উৎসাহী শিক্ষাৰ্থী-অভিভাৱক
সংস্কৃতিৰ শিক্ষাই শিশু-চেমনীয়াৰ মানসিক উৎকৰ্ষ সাধন কৰেঃ নয়ন প্ৰসাদ

ৰঙিলী বাৰ্ত্তাসেৱা- চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদে আয়োজন কৰা গুৱাহাটী শিশু মহোৎসৱৰ আজি দ্বিতীয় দিনা ডেৰশতাধিক শিশু-চেমনীয়াই নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ পুৱা ১০ বজাৰ পৰা আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পী ৰাজীৱ কুমাৰ সাউদ, মূকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক, সহযোগী ৰাহিল ৰিজুই, সুকুমাৰ কলাৰ কৰ্মশালাত শিল্পীদ্বয় দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, নৃত্য কৰ্মশালাত বিশিষ্ট নৃত্য পৰিচালক কমল নাথ, শিল্পী প্ৰিয়ংকা কাশ্যপ, সংগীত কৰ্মশালালাত বিশিষ্ট শিল্পী ধীৰাজ ডেকা, সহযোগীদ্বয় দীপক দাস, বিকাশ ৰয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে বিয়লি ৩ বজাৰ পৰা দুখনকৈ শিশু উপযোগী চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয় ৷ চলচ্চিত্ৰ দুখন হৈছে ক্ৰমে দাৰাইয়া এলেনা দাচহুনিনা পৰিচালিত ৰাছিয়ান ছবি “খোভৰিনো” আৰু শিৱম সিং ৰাজপুত পৰিচালিত ভাৰতীয় তথ্য চিত্ৰ “লাডাখ ৪৭০” ৷ ৰাছিয়ান ছবি “খোভৰিনো” দৈৰ্ঘ্য ৮ মিনিট আৰু “লাডাখ ৪৭০”ৰ দৈৰ্ঘ্য হৈছে ৩৮ মিনিট ৷ গুৱাহাটী শিশু মহোৎসৱৰ চলচ্চিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ-পৰিচালক, চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদে ৷ তেওঁ কয় যে গ্ৰন্থমেলা, চলচ্চিত্ৰ প্ৰদৰ্শন যোগাসন তথা অভিনয়, মূকাভিনয়, সংগীত, নৃত্য, সুকুমাৰ কলাৰ কৰ্মশালাৰ আয়োজনেৰে শিশু-চেমনীয়াক সুস্থ মানসিক বিকাশৰ সুযোগ প্ৰদান কৰি প্ৰকাশন পৰিষদে লেখতলবলগীয়া কাম কৰিছে ৷ সংস্কৃতিৰ শিক্ষাই শিশু-চেমনীয়াৰ মানসিক উৎকৰ্ষ সাধন কৰে ৷ শিশুসকলক দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এনে পদক্ষেপে অৰিহণা যোগাব ৷ ইপিনে বিয়লি ৪-৩০ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক কাৰ্যসূচী ৷ ইয়াত অংশগ্ৰহণ কৰে নাৰেংগীৰ শংকৰদেৱ বিদ্যা নিকেতন আৰু উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনে৷