বান-ভূমিস্খলনৰ ক্ষতিপূৰণ হিচাপে অসমলৈ ৩৭৫.৬০ কোটি কেন্দ্ৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত বছৰত হোৱা বান-ভূমিস্খলনৰ ক্ষতিপূৰণ হিচাপে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছ ডি আৰ এফ) অধীনত কেন্দ্ৰই অসমৰ বাবে ৩৭৫.৬০ কোটি টকা মঞ্জুৰী প্ৰদান কৰিছে। অসমৰ লগতে বানপানী তথা ভূমিস্খলনৰ ক্ষতিপূৰণ স্বৰূপে মেঘালয়, মণিপুৰ আৰু মিজোৰামৰ বাবেও ক্রমে ৩০.৪০ কোটি, ২৯.২০ কোটি আৰু ২২.৮০ কোটি টকা মঞ্জুৰী প্ৰদান কৰিছে। উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ উক্ত চাৰিখন ৰাজ্যৰ সৈতে কেৰালা আৰু উত্তৰাখণ্ডৰ বাবে কেন্দ্রই সর্বমুঠ ১,০৬৬.৮০ কোটি টকা অনুমোদন জনাইছে। ইয়াৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অনুমোদন জনোৱা হৈছে সর্বমুঠ ৪৫৮ কোটি টকা। কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে। বিবৃতি অনুসৰি চলিত বছৰত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত চলিত বছৰত কেন্দ্ৰীয় চৰকাৰে মুঠ ১৯খন ৰাজ্যৰ বাবে এতিয়ালৈকে ৮ হাজাৰ কোটি টকাৰো অধিক ধন মোকলাই দিছে। তদুপৰি বানপানী আৰু ভূমিস্খলনৰ নিচিনা দুর্যোগ মোকাবিলাৰ বাবে ৰাজ্যসমূহক এনডিআৰএফ, সেনাবাহিনী তথা বায়ুসেনাৰ জৰিয়তে উদ্ধাৰকাৰ্যত সহায়-সহযোগিতা প্রদান কৰিছে। বাৰিষাকালত এই মুহূৰ্তত দেশৰ বিভিন্ন ৰাজ্যত ১০৪টা এনডিআৰএফ বাহিনীক মোতায়েন কৰি ৰখা হৈছে বুলিও বিবৃতিটোত প্রকাশ কৰা হৈছে। উল্লেখ্য যে আজি এছ ডি আৰ এফ শিতানৰ পৰা সৰ্বাধিক ধন লাভ কৰা ৰাজ্যখন হৈছে উত্তৰাখণ্ড। ৰাজ্যখনৰ বাবে কেন্দ্রই অনুমোদন জনাইছে ৪৫৫.৬০ কোটি টকা। আনহাতে কেৰালাৰ বাবে অনুমোদন জনোৱা হৈছে ১৫৩.২০ কোটি টকা।