মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ
ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা আঁচনিৰে অনুপ্ৰেৰণা, নাৰ্ছিং হোমলৈ বিশেষ নির্দেশনা, অংগনৱাড়ী কর্মী-সহায়িকাৰ ভাট্টা বৃদ্ধিকে ধৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে কেইবাটাও সিদ্ধান্ত গ্রহণ কৰিলে। বৈঠকৰ পাছতে সংবাদমেলযোগে মুখ্যমন্ত্রী ড০ শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে । অহা পহিলা নৱেম্বৰৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক প্ৰেৰণা আঁচনিৰ অধীনত ৩০০ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে এই কেবিনেট বৈঠকে। শিক্ষা সামগ্রী, পুষ্টিকৰ খাদ্য আদি ক্ৰয়ৰ বাবে ৰাজ্যৰ প্ৰায় ৫ লাখ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই ধনৰাশি প্ৰদানৰ সিদ্ধান্ত লয় কেবিনেটে। আনহাতে, কেবিনেটে অংগনৱাড়ী কর্মীসকলৰ পাৰিতোষিক অতিৰিক্তভাৱে ১,৫০০ টকা আৰু অংগনৱাড়ী সহায়িকাসকলৰ পাৰিতোষিক অতিৰিক্তভাৱে ৭৫০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত অংগনৱাড়ী কর্মীসকলৰ বৰ্তমান পাৰিতোষিক ৬,৫০০ টকাৰ পৰা ৮ হাজাৰ টকা আৰু অংগনৱাড়ী সহায়িকাসকলৰ বৰ্তমানৰ পাৰিতোষিক ৩,২৫০ৰ পৰা ৪ হাজাৰ টকা হ’বগৈ। কেবিনেটে ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁওপ্ৰধানসকলৰ পাৰিতোষিক ৯ হাজাৰ টকাৰ পৰা ১৪ হাজাৰ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লয়। বনগাঁৱত থকা গাঁওবুঢ়াসকলেও এই বর্ধিত পাৰিতোষিক লাভ কৰিব। কেবিনেটে সৰ্থেবাৰীৰ কাঁহশিল্পীসকলে প্ৰদান কৰা জিএছটিৰ ৰাজ্য চৰকাৰৰ অংশ ওভতাই দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। কেবিনেট বৈঠকে চিকিৎসা ব্যয় পৰিশোধ কৰিব নোৱাৰা বাবে কোনো ব্যক্তিৰ মৃতদেহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কর্তৃপক্ষই পৰিয়ালৰ লোকক গতাই নিদিয়াকৈ ৰাখিব নোৱাৰিব। এইক্ষেত্ৰত চিকিৎসালয় কর্তৃপক্ষই মৃতদেহ ওভতাই দিবলৈ অস্বীকাৰ কৰিলে তেনে লোকৰ পৰিয়ালে ১০৪ নম্বৰত ফোন কৰি নতুবা স্থানীয় থানাত অৱগত কৰিলে আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্রহণ কৰিব। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে এটা মৃতদেহ ৪ ঘণ্টাতকৈ অধিক সময় আবদ্ধ কৰি ৰাখিলে তেনে চিকিৎসালয়ৰ অনুজ্ঞা-পত্ৰ তিনি মাহৰ পৰা ৬ মাহলৈ বাতিল কৰাৰ লগতে ৫ লাখ টকা পর্যন্ত জৰিমনা বিহা হ’ব। কেবিনেটৰ সিদ্ধান্ত অনুসৰি চিকিৎসালয় কর্তৃপক্ষই এনে ঘটনাৰ পুনৰাবৃত্তি কৰিলে অনুজ্ঞা-পত্র স্থায়ীভাৱে বাতিল কৰা হ’ব। ১ আগষ্টৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ’ব। কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১,৫০০ টকাকৈ সাহায্যৰাশি প্রদান কৰিব। বেংক একাউণ্টযোগে আগবঢ়োৱা এই ধনৰাশি সত্ৰত থকা শিশু উদাসীন ভকতসকলেও লাভ কৰিব। কেবিনেটে হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ অৰ্থে গজমিত্ৰ নামৰ আঁচনিখন ৰূপায়ণত অনুমোদন জনায়। এই আঁচনিখন ৰূপায়ণৰ অৰ্থে নগাঁও, ওদালগুৰি, বাক্সা, শোণিতপুৰ, যোৰহাট, বিশ্বনাথ আৰু গোৱালপাৰা জিলাৰ ৮০টা স্থানত স্থানীয় ব্যক্তিৰে ৰেপিড ৰেছপনছ টীম গঠনৰ সিদ্ধান্ত লয় কেবিনেটে। এই গোটসমূহ ৮জনীয়া হ’ব। তদুপৰি বন্যহস্তীয়ে যাতে পর্যাপ্ত খাদ্য লাভ কৰে, সেই উদ্দেশ্যে হস্তী-মানুহৰ সংঘাত সৰ্বাধিক হোৱা স্থানসমূহত বাঁহ গছ, নেপিয়াৰ ঘাঁহ আদি ৰোপণ কৰা হ’ব, যাতে হস্তীয়ে বিকল্প খাদ্য লাভ কৰিব পাৰে। তেনে স্থানসমূহত সৌৰশক্তিচালিত ফেঞ্চিং স্থাপনৰো পদক্ষেপ গ্ৰহণ কৰা হ’ব। কেবিনেটে হোজাইস্থিত ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্ছিটীখনৰ নাম সলনি কৰাৰ সিদ্ধান্ত লয়।এতিয়াৰে পৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় নামেৰে নামকৰণ হ’ব শীর্ষ শিক্ষানুষ্ঠানখন। তদুপৰি কেবিনেটে লখিমপুৰ জিলাৰ মৰনৈ-বেবেজীয়া আৰু বেবেজীয়া নামৰ ৫ শতাংশ জনজাতীয় লোকে বসবাস কৰা গাঁও দুখন ট্রাইবেল বেল্ট এণ্ড ব্লকৰ আওতাৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। আনহাতে, কেবিনেটে এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰসভাসমূহত কেইবাটাও অভিযন্তা পদ সৃষ্টিৰ বাবে অনুমোদন জনায়। কেবিনেটত মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ বিভিন্ন স্থানত তিনি হাজাৰৰো অধিক শিক্ষানুষ্ঠান, নামঘৰ, মন্দিৰ আদিৰো ভূমিপটা প্ৰদানত অনুমোদন জনায়। ৰাজ্যৰ সমূহ জিলাত এইদৰে ৰাজহুৱা প্রতিষ্ঠানক ভূমিপটা প্ৰদানৰ প্ৰক্ৰিয়া অহা ১৪ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।