অনুভৱ
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
এয়া মোৰ আবেগ নহয়
নহয় কোনো জল্পনা-কল্পনা
অনুভৱ এয়া মোৰ জানা
তোমাক লগ পোৱাৰ হেঁপাহ
এক্ষন্তেক ৰৈ পলকহীন হৈ
হেঁপাহ পলুৱাই চোৱাৰ ইচ্ছা
মনৰ ভিতৰি বিদ্ৰোহৰ মাঠত
যোদ্ধা সদৃস অনুভূতি খিনি
অনৰ্গল ভাগৰহীন ভাৱে
কোৱাৰ আকাশসম আগ্ৰহ
ভালপোৱাৰ সেই তিতা মিঠা
অস্পষ্ট ক্ষুদ্ৰ অনুভৱ খিনিৰ
একোটা ক্ষণত সোৱাদ লোৱাৰ
মোৰ সীমাহীন এটুকুৰা আশা…