নৱৰতনপুৰ নামঘৰত বাৰ্ষিক নাম ; পৰশুৰামৰ গুৰু দক্ষিণা ভাওনা প্ৰদৰ্শন
বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ নৱৰতনপুৰ গাঁৱৰ নামঘৰত আজি বাৰ্ষিক নাম (বৰসৱাহ) ভাগ অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা গাঁৱৰ ভকত বৈষ্ণৱ সকলে নামঘৰত প্ৰাত:প্ৰসংগ , ১০.৩০ বজাত নামাচাৰ্য শ্ৰীশ্ৰী এলেঙ্গী টকৌবাৰী সত্ৰৰ ডেকা সত্ৰীয়া ভৱ মহন্ত আৰু সহযোগী পদুম মহন্তই সম্পূৰ্ণ মহাপুৰুষীয়া নীতি -নিয়মেৰে নাম প্ৰসংগ কৰে ।
নাম প্ৰসংগত বিভিন্ন গাঁৱৰ পৰা নিমন্ত্ৰণ কৰি অনা শতাধিক ভকতে অংশগ্ৰহণ কৰে । নাম প্ৰসংগৰ অন্তত কীৰ্তন পাঠ জেষ্ঠ বৈষ্ণৱ গোলাপ বৰা আৰু কনপাই শইকীয়াই । দিনৰ ১ বজাৰ পৰা দিহা নাম (থিয়নাম) আৰম্ভ কৰে যোগেশ্বৰ বৰাই । উল্লেখ্য যে অসমীয়া সমাজত পৰম্পৰাগত ভাবে নৱবৰ্ষৰ উপলক্ষে প্ৰতি বছৰে প্ৰতিখন গাঁৱত বৰসৱাহ অনুষ্ঠিত কৰে । নৱৰতনপুৰ গাঁৱৰ জনসাধাৰণেও অপায় অমংগল দূৰ হোৱাৰ কামনাৰে প্ৰতি বছৰৰ দৰে এই বৰ্ষতো বাৰ্ষিক নাম ভাগ অনুষ্ঠিত কৰে ।
বৰসবাহৰ যোগে গাঁও সমূহৰ মাজত সম্প্ৰীতিৰ ভাব সুদৃঢ় হোৱাত অৰিহণা যোগায় আহিছে । বাৰ্ষিক নামত নৱৰতনপুৰ গাঁও খনৰ পুৰুষ মহিলা, যুৱক- যুৱতী সকলে অংশগ্ৰহণ কৰি ভকত বৈষ্ণৱ সকলৰ আৰ্শীবাদ গ্ৰহণ কৰে । ৰাতি নৱৰতনপুৰ গাঁৱৰ যুৱ – শিল্পী সকলে মঞ্চস্থ কৰা “পৰশুৰামৰ গুৰু দক্ষিণা , সহস্ৰাজুন বধ” ভাওনাই কেইবা শতাধিক দৰ্শকক মুগ্ধ কৰে ।