এক মিনিটৰ গল্প
চোলা
শৈলেন কুমাৰ, মিৰ্জা
যোগ্য জনে ভোগ কৰে, নহয় আজিকালি অযোগ্যজনে তৈলমৰ্দন কৰি যোগ্যতা লাভ কৰে ৷
দুই বন্ধুৰ নিমিলা অংকত খামখেয়ালী
প্ৰথম বন্ধু : পৃথিৱীখন তোমাৰ তুমি কিদৰে সজোৱা তোমাৰ কথা,হয়টো তুমি আত্মঅহংকাৰী হৈ সীমাহীন উচ্চাকাংক্ষাৰ স্বাৰ্থত নিজৰ লগতে আনকো নিঃশেষ কৰা নতুবা তুমি হোৱা দানী,যিজনে কেৱল বিলাবলৈ জানে পৰিৱৰ্তে আনৰ পৰা কিবা প্ৰাপ্তিৰ আশা নকৰে ৷
দ্বিতীয় বন্ধু : (তত্ত্বগধুৰ কথাবোৰ মূৰৰ ওপৰৰে পাৰ হ’ল ) আজি বিধায়ক ডাঙৰীয়াই বৰভোজৰ আয়োজন কৰিছে,পৰিৱৰ্তে আমি তেখেতে অনাগত দিনত তেখেতৰ নেতৃত্বত মুকলি হ’ব লগা জনকল্যাণমুলক আঁচনি সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে ৷ এতিয়া ভোজ উদাই পুৰাই খোৱাৰ হে কথা এতিয়াই সময় কাৰণ নিৰ্বাচন সমাগত ৷ বিশিষ্ট টেলিভিছন চেনেলৰ সংবাদকৰ্মী জনৰ কথাত ভাবিবলৈ বাধ্য হ’লো ” ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহ গিলা ” ৷