মিৰ্জাত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী দক্ষিণ কামৰূপ জিলা কমিটিৰ উদ্যোগত প্ৰতিবাদী ধৰ্মঘট
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰমিক সকলৰ দেশজোৰা ধৰ্মঘটৰ আহ্বানৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ শ্ৰমিক সকলে তেওঁলোকৰ বিভিন্ন দাবীসমূহ পূৰণৰ বাবে আজি ৯ জুলাই বুধবাৰে মিৰ্জাৰ বটলিং প্লান্টত অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয় ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰীৰ দেশজোৰা সাধাৰণ ধৰ্মঘটত সহযোগ কৰে অসম ৰাজ্যিক আশা ইউনিয়ন ৰাজ্যিক কমিটিয়ে ৷ অসম ৰাজ্যিক আশা ইউনিয়নৰ সভানেত্ৰী মমতা ৰাভাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ অৱজ্ঞাৰ বিৰুদ্ধে বিভিন্ন দাবী উত্থাপন কৰি আশাকৰ্মী সকলে অৱস্থান প্ৰতিবাদী ধৰ্মঘট সাব্যস্ত কৰে ৷ শ্ৰমিক সকলৰ মূলতঃ দাবীসমূহ হ’ল শ্ৰম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ নীতি বাতিল কৰা,ঠিকা শ্ৰমিক সহ সকলো শ্ৰমিকৰ ন্যুনতম মজুৰি মাহিলী ২৬ হেজাৰ টকা চৰকাৰী ঘোষণা কৰা,আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া,মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি ৰূপায়ণ নিশ্চিত কৰা,চাহ শ্ৰমিকৰ দিন হাজিৰা ৬৬১ টকা ধাৰ্য্য কৰা,নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ স্বকীয়তা ৰক্ষা কৰা আদি বিভিন্ন দাবী উত্থাপন কৰি ধৰ্মঘট প্ৰতিবাদী সকলে পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে যদি চৰকাৰে শ্ৰমিক সকলৰ প্ৰাপ্য দাবী পূৰণ নকৰে তেতিয়া হ’লে প্ৰতিবাদীকাৰী শ্ৰমিক সকলে যিকোনো প্ৰন্থা হাতত বাচি লবলৈ কুণ্ঠাবোধ নকৰিব ৷